Followers

Thursday, June 11, 2020

বিচাৰক ৰাজখোৱাৰ ফাঁচী


'গৰীয়সী' আলোচনীৰ গ্ৰন্থ আলোচনা শিতানত ইতিমধ্যে আলোচনীখনৰ সম্পাদক তথা যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰা চাৰে এই কিতাপখন আৰু সত্তৰ দশকত সৰ্বত্ৰে খলকনি তোলা ধুবুৰী চহৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ বিষয়ে এটি টোকা লিখিছে। যিমানদূৰ মনত পৰে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত সুলেখক আবিদ আজাদেও বিচাৰক ৰাজখোৱাৰ ধুবুৰীস্থিত সেই অভিশপ্ত চৰকাৰী বাসভৱন দৰ্শন কৰি ফটোসহ এটি টোকা লিখিছিল। 

ঔপন্যাসিক, গল্পকাৰ, চিত্ৰকৰ, সাংবাদিক, সম্পাদক নিৰোদ চৌধুৰীৰ স'তে মোৰ চিনাকী ঘটিছিল মাৰ আলমাৰীৰ পৰা আনি চুৰিকৈ পঢ়া 'কস্তুৰী মৃগ' নামৰ উপন্যাসৰ জৰিড়তে। 'চুৰিকৈ' এই কাৰণেই যে সেই বয়সত তেনেবিষয়ক কিতাপ আমাক পঢ়িবলৈ দিয়া হোৱা নাছিল। চৌধুৰীৰ কটন কলেজৰ সহপাঠী ৰত্ন ওজা দেৱে চৌধুৰীৰ গল্প প্ৰসংগত কৈছিল যে, " 'সেই সময়ত তেওঁৰ গল্প 'হটকেক'ৰ দৰে বিক্ৰী হৈছিল। ' মাথোন তেতিয়াই নহয়, ষাঠিৰ পৰা চাৰিটা দশক তেওঁৰ লেখা সদায় 'হটকেক'ৰ দৰেই অসমীয়া পঢ়ুৱৈৰ মাজত পৰিৱেশিত হৈছিল। … প্ৰয়াত হেম বৰুৱাই নতুন প্ৰজন্মৰ লেখক-লেখিকাসকলৰ নাম লওঁতে নিৰোদ চৌধুৰীৰ নামেই প্ৰথমে লৈছিল।" অসমীয়া, বাংলা আৰু হিন্দী ভাষাত নিৰ্মিত হৈছিল নিৰোদ চৌধুৰীৰ গল্পৰে 'চামেলি মেমচাব' ছবি। চৌধুৰীৰ দেহাৱসান ঘটাৰ পাছত প্ৰকাশকৰ দ্বাৰা আয়োজিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে নিৰোদ চৌধুৰীৰ ৰচনাৱলী প্ৰকাশ হ'ব লাগে বুলি মত পোষণ কৰি কোনোবাজনক দায়িত্ব দিছিল যদিও সেই আগ্ৰহে বাস্তৱ ৰূপ নাপালে। "বিচাৰক ৰাজখোৱাৰ ফাঁচী আৰু ইত্যাদি" __ নিৰোদ চৌধুৰীৰ ৰছনা সংকলন। সংকলনটিত অন্তভূৰ্ক্ত হৈছে, 'বিচাৰক ৰাজখোৱাৰ ফাঁচী'__এই প্ৰতিবেদনলানিৰ উপৰিও 'নষ্টচন্দ্ৰ' নামে এখনি উপন্যাস আৰু আঠোটি গল্প। সংকলকঃ উৎপল কুমাৰ দাস। সুলেখক, সাংবাদিক মৃণাল তালুকদাৰৰ আগ্ৰহত কিতাপখন প্ৰথম প্ৰকাশ হয় ছেপ্টেম্বৰ, ২০১০ চনত। প্ৰকাশকঃ 'নন্দ তালুকদাৰ ফাউণ্ডেছন' আৰু 'ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্'।

শ্বীনা বৰা হত্যাকাণ্ডৰ দৰে ১৯৭০ চনতো জনজীৱন কঁপাই গৈছিল এটি অকল্পনীয়, অমানুষিক হত্যাকাণ্ডই আৰু এই হত্যাকাণ্ড সংঘটিত হৈছিল চিপাহী-চন্তৰী, লগুৱা-লিকচৌৰে পৰিবেষ্টিত এটি চৰকাৰী বাসভৱনত আৰু হত্যাকাৰী আছিল স্বয়ং ন্যায়ৰ বিচাৰক, ন্যায়পালক এগৰাকী জজ। কেনেকৈ? কিয়?__ জনমানসত ধুমুহাৰ সৃষ্টি কৰা এই প্ৰশ্নবোৰৰ সমিধান দিয়াৰ দায়িত্ব লৈছিল 'অসম বাণী' কাকতৰ এজন ডেকা সাংবাদিকে। হত্যাকাণ্ড সম্পৰ্কে কাকতত নিয়মীয়া প্ৰতিবেদন দাখিল কৰি 'অসম-বাণী'ৰ অভিলেখ সংখ্যক বি


ক্ৰীত অৰিহণা যোগোৱা এই ডেকা সাংবাদিকজনেই আছিল নিৰোদ চৌধুৰী। এই প্ৰতিবেদন প্ৰসংগত প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে কৈছে; "শ্বেক্সপীয়েৰৰ 'মেকবেথ'ৰ দৰে ধুবুৰীৰ ৰাজখোৱা হত্যাকাণ্ডকো নিৰোদ চৌধুৰীয়ে সাহিত্যলৈ উন্নীত কৰিলে।" উল্লেখ আছে, এই প্ৰতিবেদনলানি পঢ়িবলৈ পঢ়ুৱৈ ক্ৰেতাৰ ইমান ভিৰ হৈছিল যে 'অসম-বাণী' কাকতখন ব্লেকত বিক্ৰী হৈছিল আৰু এনে অভিলেখ ভংগকাৰী বিক্ৰীৰ আনন্দত আনন্দিত হৈ কাকতৰ স্বত্তাধিকাৰী ৰাধাগোৱিন্দ বৰুৱাই চৌধুৰীক এটি সোণালী ৰঙৰ ৰোলেক্স ঘড়ী উপহাৰ দিছিল। 

অসমীয়া সাহিত্যত অপৰাধ বিষয়ক এনে কিতাপ তাকৰ হোৱা হেতু এই সংকলনটি অসমীয়া সাহিত্যত এক উল্লেখযোগ্য সংযোজন।

No comments:

Post a Comment