Followers

Thursday, June 11, 2020

বিচাৰক ৰাজখোৱাৰ ফাঁচী


'গৰীয়সী' আলোচনীৰ গ্ৰন্থ আলোচনা শিতানত ইতিমধ্যে আলোচনীখনৰ সম্পাদক তথা যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰা চাৰে এই কিতাপখন আৰু সত্তৰ দশকত সৰ্বত্ৰে খলকনি তোলা ধুবুৰী চহৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ বিষয়ে এটি টোকা লিখিছে। যিমানদূৰ মনত পৰে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত সুলেখক আবিদ আজাদেও বিচাৰক ৰাজখোৱাৰ ধুবুৰীস্থিত সেই অভিশপ্ত চৰকাৰী বাসভৱন দৰ্শন কৰি ফটোসহ এটি টোকা লিখিছিল। 

ঔপন্যাসিক, গল্পকাৰ, চিত্ৰকৰ, সাংবাদিক, সম্পাদক নিৰোদ চৌধুৰীৰ স'তে মোৰ চিনাকী ঘটিছিল মাৰ আলমাৰীৰ পৰা আনি চুৰিকৈ পঢ়া 'কস্তুৰী মৃগ' নামৰ উপন্যাসৰ জৰিড়তে। 'চুৰিকৈ' এই কাৰণেই যে সেই বয়সত তেনেবিষয়ক কিতাপ আমাক পঢ়িবলৈ দিয়া হোৱা নাছিল। চৌধুৰীৰ কটন কলেজৰ সহপাঠী ৰত্ন ওজা দেৱে চৌধুৰীৰ গল্প প্ৰসংগত কৈছিল যে, " 'সেই সময়ত তেওঁৰ গল্প 'হটকেক'ৰ দৰে বিক্ৰী হৈছিল। ' মাথোন তেতিয়াই নহয়, ষাঠিৰ পৰা চাৰিটা দশক তেওঁৰ লেখা সদায় 'হটকেক'ৰ দৰেই অসমীয়া পঢ়ুৱৈৰ মাজত পৰিৱেশিত হৈছিল। … প্ৰয়াত হেম বৰুৱাই নতুন প্ৰজন্মৰ লেখক-লেখিকাসকলৰ নাম লওঁতে নিৰোদ চৌধুৰীৰ নামেই প্ৰথমে লৈছিল।" অসমীয়া, বাংলা আৰু হিন্দী ভাষাত নিৰ্মিত হৈছিল নিৰোদ চৌধুৰীৰ গল্পৰে 'চামেলি মেমচাব' ছবি। চৌধুৰীৰ দেহাৱসান ঘটাৰ পাছত প্ৰকাশকৰ দ্বাৰা আয়োজিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে নিৰোদ চৌধুৰীৰ ৰচনাৱলী প্ৰকাশ হ'ব লাগে বুলি মত পোষণ কৰি কোনোবাজনক দায়িত্ব দিছিল যদিও সেই আগ্ৰহে বাস্তৱ ৰূপ নাপালে। "বিচাৰক ৰাজখোৱাৰ ফাঁচী আৰু ইত্যাদি" __ নিৰোদ চৌধুৰীৰ ৰছনা সংকলন। সংকলনটিত অন্তভূৰ্ক্ত হৈছে, 'বিচাৰক ৰাজখোৱাৰ ফাঁচী'__এই প্ৰতিবেদনলানিৰ উপৰিও 'নষ্টচন্দ্ৰ' নামে এখনি উপন্যাস আৰু আঠোটি গল্প। সংকলকঃ উৎপল কুমাৰ দাস। সুলেখক, সাংবাদিক মৃণাল তালুকদাৰৰ আগ্ৰহত কিতাপখন প্ৰথম প্ৰকাশ হয় ছেপ্টেম্বৰ, ২০১০ চনত। প্ৰকাশকঃ 'নন্দ তালুকদাৰ ফাউণ্ডেছন' আৰু 'ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্'।

শ্বীনা বৰা হত্যাকাণ্ডৰ দৰে ১৯৭০ চনতো জনজীৱন কঁপাই গৈছিল এটি অকল্পনীয়, অমানুষিক হত্যাকাণ্ডই আৰু এই হত্যাকাণ্ড সংঘটিত হৈছিল চিপাহী-চন্তৰী, লগুৱা-লিকচৌৰে পৰিবেষ্টিত এটি চৰকাৰী বাসভৱনত আৰু হত্যাকাৰী আছিল স্বয়ং ন্যায়ৰ বিচাৰক, ন্যায়পালক এগৰাকী জজ। কেনেকৈ? কিয়?__ জনমানসত ধুমুহাৰ সৃষ্টি কৰা এই প্ৰশ্নবোৰৰ সমিধান দিয়াৰ দায়িত্ব লৈছিল 'অসম বাণী' কাকতৰ এজন ডেকা সাংবাদিকে। হত্যাকাণ্ড সম্পৰ্কে কাকতত নিয়মীয়া প্ৰতিবেদন দাখিল কৰি 'অসম-বাণী'ৰ অভিলেখ সংখ্যক বি


ক্ৰীত অৰিহণা যোগোৱা এই ডেকা সাংবাদিকজনেই আছিল নিৰোদ চৌধুৰী। এই প্ৰতিবেদন প্ৰসংগত প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে কৈছে; "শ্বেক্সপীয়েৰৰ 'মেকবেথ'ৰ দৰে ধুবুৰীৰ ৰাজখোৱা হত্যাকাণ্ডকো নিৰোদ চৌধুৰীয়ে সাহিত্যলৈ উন্নীত কৰিলে।" উল্লেখ আছে, এই প্ৰতিবেদনলানি পঢ়িবলৈ পঢ়ুৱৈ ক্ৰেতাৰ ইমান ভিৰ হৈছিল যে 'অসম-বাণী' কাকতখন ব্লেকত বিক্ৰী হৈছিল আৰু এনে অভিলেখ ভংগকাৰী বিক্ৰীৰ আনন্দত আনন্দিত হৈ কাকতৰ স্বত্তাধিকাৰী ৰাধাগোৱিন্দ বৰুৱাই চৌধুৰীক এটি সোণালী ৰঙৰ ৰোলেক্স ঘড়ী উপহাৰ দিছিল। 

অসমীয়া সাহিত্যত অপৰাধ বিষয়ক এনে কিতাপ তাকৰ হোৱা হেতু এই সংকলনটি অসমীয়া সাহিত্যত এক উল্লেখযোগ্য সংযোজন।

“নিজৰ জীৱনটোক লৈ মই সুখী”__ চিত্ৰশিল্পী দেবানন্দ উলুপ

সাক্ষাৎকাৰ গ্ৰহণঃ প্ৰাণজ্যোতি নাথ



স্বসৃষ্টি আৰু স্বগৰিমাৰে সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠা বিশিষ্ট অসমীয়া চিত্ৰশিল্পীজনেই হ’ল, মাৰ্ঘেৰিটাৰ উলুপৰ সুসন্তানঃ দেবানন্দ উলুপ। জন্ম মাৰ্ঘেৰিটাতে, ১৯৬৪ চনত। জন্মস্থান সম্পৰ্কে স্বভাৱশিল্পীগৰাকীয়ে নিজা অনুভৱ ব্যক্ত কৰিছে এনেদৰে– ‘মাৰ্ঘেৰিটা চহৰৰ উজনিৰ ফালে ডিবং, কেটেটং পাৰ হৈ মোৰ জন্মৰ গাঁও উলুপ। ইয়াতেই মই খেলা-ধূলা কৰি ডাঙৰ হৈছো। মাৰ্ঘেৰিটা অঞ্চলত চিংফৌৰ উপৰিও বহুতো জনগোষ্ঠীয়ে বাস কৰে…টাই ফাকে, খামটি, টাংচা, আহোম, মৰাণ, নেপালী, আদিবাসী আদি। সকলোৱে সমিল-মিলেৰে থাকে। কোনো জাতিগত ভেদা ভেদ নাই। সৰুৰেপৰা এনে এখন সমাজত ডাঙৰ-দীঘল হৈ মই মুক্ত মন এটা পাইছো। এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহে মোৰ মন আজিও জীপাল কৰি ৰাখিছে।




শিল্পীজনক আৰু অলপ ওচৰৰপৰা জনাৰ, বুজাৰ আগ্ৰহেৰে আমি তেখেতৰ সৈতে ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ হৈ যোগাযোগ কৰিছিলোঁ আৰু তেখেতৰ ব্যক্তিগত জীৱন আৰু শিল্পকৰ্ম সম্বন্ধে দুই-চাৰিটা প্ৰশ্ন কৰিছিলোঁ। ব্যস্ততাৰ মাজতো আমাৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই আমাক উৎসাহিত কৰাৰ বাবে শিল্পীজনাৰ ওচৰত আমি চিৰ কৃতজ্ঞ হৈ ৰ’ম। আহকচোন, তেখেতৰ শিল্পীজীৱনত এপাক ভুমুকিয়াও……


প্ৰাণজ্যোতি নাথঃ চাৰ, আপোনাৰ শিল্পীজীৱনৰ বিষয়ে কওকচোন। ক’ত, কেনেকৈ, কেতিয়া আৰম্ভণি? কেনেদৰে এইখন পৃথিৱীত সোমাই পৰিল? ক’ত কেনেকৈ শিক্ষাগ্ৰহণ কৰিলে?
দেবানন্দ উলুপে অঁকা শ্ৰীমন্ত শংকৰদেৱৰ ছবি
দেবানন্দ উলুপঃ ১৯৭৯ চন, অসমত বিদেশী খেদা আন্দোলনৰ ভৰপক সময়। মই তেতিয়া ক্লাচ চেভেন। ঘৰত মা, দেউতা, ভাইটি আৰু চাৰিজনী ভণ্টি। ঘৰৰ অৱস্থা শোচনীয়। এটা ভাল দিনৰ সন্ধানত ওলাই আহিলোঁ। অনাই-বনাই আহি যোৰহাট পালোঁহি। সৌভাগ্যক্ৰমে যোৰহাটৰ এটি সম্ভ্ৰান্ত পৰিয়ালৰ আদৰ পালোঁ। সেইখন আছিল যোৰহাট নেহৰু পাৰ্কৰ বিখ্যাত অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱ শৰ্মাৰ ঘৰ। সৰু ল’ৰা দেখি তেখেতসকলৰ পৰিয়ালে মোক আশ্ৰয় দিলে। মোৰ হাতত দিস্তা কাগজত অঁকা কেইখনমান দ্ৰয়িং আছিল। এদিন বন বাইদেৱে (বন বাইদেউৰ পোচাকী নাম শকুন্তলা দেৱী, তেখেত জয়ন্ত চাৰৰ ভনীয়েক) ছবিকেইখন দেখিলে আৰু ভাল পাই মোক যোৰহাট ফাইন আৰ্ট ছ’চাইটিৰ আৰ্ট স্কুলত নাম লগাই দিলে। তাত বিখ্যাত শিল্পী প্ৰয়াত মাধৱ বৈশ্য চাৰক লগ পালোঁ। ভৃগুপতি হাজৰিকা, তপন চাংকাকতিৰ দৰে জেষ্ঠ শিল্পীসকলক লগ পালোঁ। এয়াই মোৰ আৰ্টৰ লগত প্ৰথম চিনাকি। তাত প্ৰতি দেওবাৰে ছমাহমান ক্লাচ কৰিলোঁ। লাহে-লাহে মোৰ মনটো অস্থিৰ হৈ উঠিল। মোৰ উদ্দেশ্য কি, লক্ষ্য কি মই নিজে নাজানো। ১৯৭৯’ৰ শেষৰ ফা লে গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটীত আহি এখন কিতাপ আৰু ৰঙৰ দোকানত কামত সোমালোঁ। দোকানখনত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ শিল্পী আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰং কিনিবলৈ আহে। তেনেকৈয়ে গীল্ডৰ শিল্পীসকলৰ লগত চিনাকী হয়। এদিন গুৱাহাটী আৰ্টিষ্ট গীল্ডত নাম লগালোঁ। কিন্তু অলপ দিন ক্লাচ কৰাৰ পিছত বাদ দিবলগীয়া হ’ল। কাৰণ দোকানৰ কামৰ দায়িত্ব বাঢ়িল, আনহাতে ফীজ দিবলৈ পইচাৰ নাটনি। ছবিৰ শিক্ষা ইমানতে অন্ত পৰিছিল।

প্ৰাণজ্যোতি নাথঃ প্ৰকৃতিয়ে অকৃত্ৰিমভাৱে আপোনাৰ শিল্পীমনক গঢ়িছে। সেয়ে হয়তো প্ৰকৃতিৰ প্ৰতি আপোনাৰ ইমান মোহ, ভালপোৱা। ব্ৰহ্মপুত্ৰ নদী প্ৰদূষণক লৈ আপুনি উজান বজাৰ ফেৰী ঘাটত ইনষ্টলেচন আৰু পাৰ্ফমেঞ্চ কৰিছিল। এই বিষয়ে কওকচোন।
দেবানন্দ উলুপঃ
ব্ৰহ্মপুত্ৰৰ উজানবজাৰ ফেৰী ঘাটত কৰা Public Art ৰ নামাকৰণ কৰা হৈছিল__ “এখন নদীৰ ক্ৰন্দন”। এই পেৰি ফেৰি প্ৰজেক্টটো , ‘ললিত কলা একাডেমি,নতুন দিল্লী’ৰ উদ্যোগত হৈছিল। কলাব’ৰেট কৰিছিল ‘ডেচাৰ্ট মেচিন কলেক্টিভে।’ ইয়াৰ মূল বিষয় বস্তু আছিল নদী প্ৰদূষণ। ইয়াত মই ব্ৰহ্মপুত্ৰক নাৰী হিচাপে প্ৰতিষ্ঠা কৰিছো। সেয়ে ব্ৰহ্মপুত্ৰৰ ৰূপত চিংফৌ-সাজত ছোৱালী এজনীক অভিনয় কৰোৱাইছিলোঁ। প্লাষ্টিক হিচাপে বিকৃত বেশ-ভূষাৰে পুৰুষক অভিনয় কৰোৱাইছিলোঁ। ইয়াৰ মূল উদ্দেশ্য আছিল জনসাধাৰণক প্ৰদূষণৰ বিষয়ে সজাগ কৰা। ইয়াত সেইসময়ত ফেৰীৰ যাত্ৰী আৰু মাছমৰীয়া সকলোৱে স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰিছিল।
“এখন নদীৰ ক্ৰন্দন”

প্ৰাণজ্যোতি নাথঃ আপোনাৰ চিত্ৰকৰ্মসমূহ প্ৰথমৰফালে বিষয়বস্তুৰ ফালৰপৰা এতিয়াতকৈ কিছু ভিন্ন আছিল। চিংফৌ সম্প্ৰদায়ৰ ওপৰত কাম কৰাৰ কথা আপোনাৰ মনলৈ কেনেকৈ আৰু ঠিক কেতিয়া আহে? চিত্ৰকৰ্মৰ প্ৰথম কালচোৱাৰ বিষয়ে, বিষয়বস্তু নিৰ্বাচনৰ বিষয়ে কওকচোন।
দেবানন্দ উলুপঃ
ইতিমধ্যে মই মোৰ কামৰ কেইবাটাও ধাৰা অতিক্ৰম কৰি আহিছো। সেয়া Street of hunger, Yellow Bird, Bagh Manuh, Patkai আদিৰ মাজেৰে প্ৰতিফলিত হৈছে। মই জন্ম হোৱা গাঁওখনত অভাৱ অনাটন আছিল যদিও ভোকাতুৰ আৰু অঘৰী মানুহ দেখা পোৱা নাছিলোঁ। ১৯৮০ চনৰেপৰা গুৱাহাটীত আছো। দেখিলোঁ যে ফুটপাথত ভোকাতুৰ মানুহ, অঘৰী মানুহ। এয়া প্ৰথম ডাঙৰ চহৰৰ অভিজ্ঞতা। এইবোৰ দৃশ্যই মোক আঘাত দিলে। ১৯৮৭ মানত এই ছবিবিলাক ( Street of hunger) আঁকিলো। অৱশ্যে এইখিনি অপৈণত কাম আছিল। তেতিয়া আঁকিবলৈ শিকিছোহে। ১৯৯৯ চন মানত Yellow Bird চিৰিজৰ ছবি আঁকিছিলোঁ। মোৰ জন্মৰ ঠাই মাৰ্ঘেৰিটাত সেই সময়ত বৃহৎ চাহ পুঁজিপতিয়ে খিলঞ্জীয়া মানুহৰ মাটি চলে-বলে কৌশলে হস্তগত কৰি লৈছিল। মোৰ মনটো বিদ্ৰোহী হৈ উঠিছিল। এয়াই Yellow Bird ছবিৰ বিষয়-বস্তু। খং-দুখ-আৱেগ প্ৰশমনৰ বাবে ছবিসমূহ আঁকিছিলোঁ। ঠিক তেনেকৈ মাৰ্ঘেৰিটাৰ লিডু অৰ্থাৎ পাটকাই পাহাৰৰ বুকুত কয়লাৰ মুকলি খনন চলি আছে। পাটকাই পাহাৰ ভিতৰি ভিতৰি ফোপোলা হৈ পৰিছে। মোৰ পাহাৰখনৰ পৰা দিনে-নিশাই লুণ্ঠন চলি আছে। ইয়াৰ আলম লৈ PATKAI চিৰিজৰ ছবি আঁকিছিলোঁ। ইতিমধ্যে মই গুৱাহাটী নগৰৰ বাসিন্দা হৈ পৰিলোঁ। ৮৫ চনৰ পিছৰফালে গোটেই অসমখনক গুপ্তহত্যাই জোকাৰি গৈছিল। Bagh Manuh ছবিৰ দৃশ্যপটত আছিল আধা মানুহ, আধা বাঘ। চহৰত বাঘ মানুহৰ বিচৰণ। সৰুতে মায়ে কৈছিল; বাঘে মানুহ মাৰিলে সেয়া জন্তু বাঘ নহয়। মানুহে বাঘৰ ৰূপ ধৰি হত্যা কৰে। ইয়াৰ কল্পচিত্ৰ লৈয়েই বাঘ মানুহ আঁকিছিলোঁ। ২০১০- ১১ মানত এক দীঘলীয়া যাত্ৰাৰ পিছত কৌশলগত হেঁচা-ঠেলা আৰু মানসিক চাপৰ পৰা মুক্ত হ’ব বিচাৰিছিলোঁ। সেই সময়ত সম্পূৰ্ণ মোৰ ছবিৰ বিপৰীতধৰ্মী ছবি আঁকিছিলোঁ। বৃহৎ আকাশ, বৃহৎ সমতল ভূমি। শূন্য ঠাই । মানুহবিলাক সৰু আকাৰৰ। ইয়াৰ অৰ্থ বিশ্ব ব্ৰহ্মাণ্ডত আমি মানুহবোৰ মাত্ৰ ধূলিকণা।
বৰ্তমান মই My Valley নামৰ চিৰিজৰ কাম কৰি আছো। ছবিৰ বিষয় বস্তু আচলতে নিজে নিজে আহে। ইয়াক জোৰ কৰি আনিব নোৱাৰি। সময় আৰু অভিজ্ঞতাই আনি দিয়ে। বহু দূৰ যাত্ৰা কৰাৰ পাছত, বিদেশত থকাৰ পাছত নিজৰ জন্মভূমিলৈ মনত পৰে। ঠিক তেনেদৰে মোৰো জন্মৰ ঠাই মাৰ্ঘেৰিটালৈ মনত পৰে। মোৰ সমাজখনলৈ মনত পৰে। তেনেকৈয়ে My Valley চিৰিজৰ ছবি আৰম্ভ হ’ল।

প্ৰাণজ্যোতি নাথঃ চিংফৌ কৃষ্টি-সংস্কৃতিক আপুনি ছবিৰ মাধ্যমেৰে বিশ্বদৰবাৰলৈ আগবঢ়াই লৈ গ’ল। ৰাইজে আপোনাৰ কলাক আদৰি ল’লে আৰু প্ৰশংসাৰে ওপচাই পেলালে। কিবা এনে অভিজ্ঞতা হৈছে নে যে আপোনাৰ ছবি চাই চিংফৌসকলক জনাৰ আগ্ৰহেৰে কোনো বিদেশী পৰ্যটক/শিল্পী অসমলৈ আহিছে?
দেবানন্দ উলুপঃ হয়, ছবি অনলাইন দেখি বহুতে যোগাযোগ কৰে। অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে। বিশেষকৈ South East Asia’ৰ মানুহে । কিন্তু মই ক্ষুদ্ৰ অংশক লৈহে কাম কৰিছো। কৰিবলৈ আৰু বহুত বাকী।

প্ৰাণজ্যোতি নাথঃ ঘাইকৈ কোনজন বিশ্ববিখ্যাত চিত্ৰশিল্পীৰ জীৱন আৰু শৈলীয়ে আপোনাক প্ৰভাৱিত কৰিছিল? এতিয়াও সেই প্ৰভাৱ আছেনে? কোনো কোনোৱে ক’ব খোজে– ৰামকিংকৰ বেইজৰ চিত্ৰকৰ্মৰ সৈতে আপোনাৰ চিত্ৰকৰ্মৰ ক’ৰবাত, কোনোবাখিনিত সাদৃশ্য পোৱা যায়। এইবিষয়ে আপুনি কি ক’ব?
দেবানন্দ উলুপঃ
মহান শিল্পী ৰামকিংকৰ বেইজৰ লগত মোৰ কামৰ কোনখিনিত মিল আছে মই নাজানো। কিন্তু মই আৰম্ভণিতে শিল্পী গনেশ পাইনৰ কামৰ গুনগ্ৰাহী আছিলোঁ। তেখেতৰ ছবি মোৰ প্ৰিয়। স্বনামধন্য শিল্পীসকলৰ বিষয়ে পঢ়িলে যথেষ্ট উৎসাহ পাওঁ। কিন্তু কাৰো জীৱনৰ স’তে নিজকে ৰিজাই নাচাওঁ। মোৰ জীৱনক লৈ মই সুখী।

প্ৰাণজ্যোতি নাথঃ আপুনি ১৯৯৭ চনত ইন্দিৰাগান্ধী মেম’ৰিয়েল ট্ৰাষ্ট এৱাৰ্ড পায়। ইয়াৰ উপৰিও আৰ্ট ক্লাৱ আৰু আৰ্ট পিপ’লে আয়োজন কৰা All India Art Exhibition ত কেইবাবাৰো পুৰস্কৃত হৈছে। ইয়াৰ উপৰিও আমাৰ অজ্ঞাতে ৰোৱা কোনো বিশেষ স্বীকৃতি, সন্মানৰ কথা আমাক জনালে ভাল পাম।
দেবানন্দ উলুপঃ
তুমি উল্লেখ কৰা পুৰস্কাৰখিনি মোৰ প্ৰথম পৰ্যায়ৰ স্বীকৃতি। যেতিয়াৰেপৰা গভীৰ ভাবে ছবিত মন দিলোঁ তেতিয়াৰেপৰা পুৰস্কাৰ আৰু স্বীকৃতিৰ প্ৰতি মোৰ অনিহা। ছবি আঁকোতে এতিয়া মই এক অবৰ্ণনীয় সুখ আৰু গভীৰ প্ৰশান্তি অনুভৱ কৰোঁ। সেই সুখ আৰু মোৰ ছবিৰ অনুৰাগীয়ে কৰা এটা মন্তব্য মোৰ বাবে ডাঙৰ পুৰস্কাৰ।

(লেখাটো পূৰ্বতে বৌদ্ধিক বিচাৰ ই-আলোচনীত প্ৰকাশ হৈছে।)

Tuesday, August 1, 2017

সাহিত্যত নৈৰাজ্য আৰু কিছু প্ৰশ্ন


কথাবোৰ আচলতে আপেক্ষিক। ব্যক্তিবিশেষে কোনে কি কথা ' বা লিখিব-- বহুসময়ত এই সিদ্ধান্তটোক প্ৰৰোচিত কৰে সময়ে। সময়ে সময়ে সেয়ে একেজন ব্যক্তিৰ একেটা বিষয়ত ভাষ্য পৰিৱৰ্তন ' পাৰে। দোষ ব্যক্তিৰ! নে সময়ৰ!!
No photo description available.
'সাদিন' কাকতত প্ৰকাশিত


আজি বেচ কিছুদিন ধৰি কাকতে-পত্ৰে চৰ্চিত তথা জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকক উতলাই ৰখা বিষয়টো আছিল সাহিত্য অকাদেমিৰ যুৱ বঁটা বিৰ্তক। বঁটা বিতৰ্কৰ সমান্তৰালকৈ চৰ্চিত হৈছিল কিছু ব্যক্তিবিশেষৰ বঁটা তথা সাহিত্য সম্পৰ্কীয় মতামত। আনকি এই বিতৰ্ককে মূল কৰি ব্যক্তিগত কথা-বতৰা, খোৱা-কামোৰাও কোনো কোনো সময়ত দৃষ্টিকটু ৰূপত তুংগত উঠিছিল। এটা কথা ঠিক যে, সামাজিক কাৰণতে সময়বিশেষে একোজন ব্যক্তি কেৱল ব্যক্তি নহৈ এটা সামাজিক প্ৰতিষ্ঠানলৈ  ৰূপান্তৰ হয়। তেনেসময়ত দহে টোৱোৱা আঙুলি সেইজন ব্যক্তিক লক্ষ্য কৰি নুঠে, উঠে সেই ব্যক্তি নামধাৰী প্ৰতিষ্ঠানক লক্ষ্য কৰি। তদুপৰি সাহিত্য বিষয়টো মাত্ৰ এজনৰ বৰঘৰৰ বিষয় নোহোৱা বাবে, দুঃসময়ত বিতৰ্কিত বিষয়ৰ সৈতে সাঙোৰ খাই যোৱা ব্যক্তিবিশেষৰ প্ৰতি ক্ষোভ উজাৰিবলৈ ৰাইজে হোহকা-পিছলা নকৰে। ইয়াত ৰাইজ দোষী নহয়। কাৰণ ৰাইজৰ হকে, ৰাইজেই ' লাগিব। ভুল দেখিলে এজন জনপ্ৰতিনিধিৰ, যি ইতিমধ্যে এটি প্ৰতিষ্ঠানলৈ পৰ্যবসিত হৈছে-- তেওঁলৈ ৰাইজেই আঙুলি টোৱাব লাগিব। এইখিনিতে লিখক-সমালোচক মনোজ শৰ্মাদেৱে তেখেতৰ 'সমালোচক আছে সমালোচক নাই' গ্ৰন্থৰ প্ৰাককথনত কোৱা এষাৰ কথা উল্লেখ কৰিব পাৰি-- 'দ্বন্দ্ব-খৰিয়ালৰ পৰা আঁতৰি থকাটো আজিৰ সময়ৰ বাৰ্তা নহয়, বৰং যে গণতান্ত্ৰিক সংস্কৃতিৰ এক নতুন ৰূপ তাক বুজাটোহে জৰুৰী।' অৱশ্যে ব্যক্তিগত হিংসা-দ্বেষ পূৰণৰ বাবে উল্লিখিত গণতান্ত্ৰিক অধিকাৰৰ প্ৰয়োগ ' নালাগে; এই কথাত আমিও সহমত। 

সাহিত্যত নৈৰাজ্যবাদ সম্পৰ্কে আলোচনা কৰাৰ নিমিত্তে আমি লিখক-সমালোচক মনোজ শৰ্মাদেৱৰ 'সমালোচক আছে সমালোচক নাই' -এই গ্ৰন্থত লিপিবদ্ধ কিছু কথা উল্লেখ কৰিব খুজিছো। এই কথাখিনি আলোচনাৰ আওতালৈ অনাৰ পূৰ্বে ' বিচাৰোঁ; সাহিত্যৰ আটাইতকৈ জটিল ভাগটোৱেই ' সমালোচনা সাহিত্য। সমালোচকৰ নীতি সেয়ে সময়বিশেষে সলনি হোৱাটো সাহিত্যত নকৈ ঘটা ঘটনা নহয়। আদৰ্শগত নীতি খামুচি স্থিতপ্ৰজ্ঞ হৈ থকাটো একপ্ৰকাৰ দূৰূহ কাম। দুই-এজনহে স্থিতপ্ৰজ্ঞ ৰূপে যুগজয়ী হৈছে। ' পাৰি সমালোচনা সকলোৰে 'বচ কি বাত' নহয়। কোনোজন সমালোচকৰ কোনোটো লেখাত সেয়ে প্ৰকাশ্যে স্ব-বিৰোধৰ সুৰ স্পষ্ট হয়। 

মনোজ শৰ্মাদেৱৰ উল্লিখিত গ্ৰন্থত অন্তৰ্ভুক্ত 'লেখকৰ বজাৰ দৰ'(পূৰ্বপ্ৰকাশঃ সাদিন, জানুৱাৰী, ২০০৫) আৰু 'সাহিত্য-সংস্কৃতি, বঁটা-বাহন আদি'(পূৰ্বপ্ৰকাশঃনিয়মীয়া বাৰ্তা,২৪ জুন,২০১৩) ৰছনা দুখন পঢ়ি আমাৰ মনত জাগি উঠা কিছু প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে এই লেখাৰ সূত্ৰপাত। 'লেখকৰ বজাৰ দৰ' ৰছনাখনত তেখেতে লিখিছে যে, "পাঠকেহে লেখক সৃষ্টি কৰে জাতীয় কথা এতিয়া প্ৰায় অৰ্থহীন। কাৰণ লেখক এতিয়া পাঠকৰ ওপৰত নিৰ্ভৰশীল নহয়। লেখক নিৰ্ভৰশীল বজাৰৰ ওপৰত। কাৰণ এতিয়া বজাৰেই লেখকৰ প্ৰচাৰ, প্ৰসাৰ আৰু মান নিৰ্ণয় কৰে। " আমাৰ প্ৰশ্ন, ইয়াত 'বজাৰ' শব্দটিৰে সাহিত্যৰ কোনখন বজাৰৰ কথা উল্লেখ কৰা হৈছে(?), ' পাঠকৰ দাম নাই

একেটি লিখাতে তেখেতে লেখিছে; " … বৰ্তমান এটা প্ৰকাশন গোষ্ঠীয়ে এজন লেখকৰ প্ৰতিভা, বৌদ্ধিক গভীৰতা অথবা সাহিত্যিক মানৰ ওপৰতেই কেৱল নিৰ্ভৰ কৰিব নোখোজে। কাৰণ, প্ৰতিভা আৰু গভীৰতা এজন লেখকৰ সাহিত্যিক আৰু বৌদ্ধিক সমৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ 'লেও পাঠকৰ বজাৰ সি প্ৰভাৱিত নকৰিবও পাৰে, গতিকে প্ৰকাশকক প্ৰয়োজন কিছুমান তেনেকুৱা কাৰবাৰ-- যিয়ে বজাৰৰ গতি নিৰ্ণয় কৰিব পাৰে।"  (পৃষ্ঠাঃ ৩৩, সঃ আছে সঃ নাই) --ইয়াত উল্লেখ কৰা 'কাৰবাৰ' সম্পৰ্কে শৰ্মাদেৱৰ মতামত এনেধৰণৰ;  " প্ৰকাশকে যিমানেই বিক্ৰীযোগ্য সামগ্ৰীৰূপে বিতৰণ কৰিবলৈ চেষ্টা নকৰক কিয়, চেনি, আলু বা বন্দুকৰ দৰে কিতাপ বিক্ৰী নহয়। সেয়ে প্ৰকাশকসকলেও এতিয়া উদ্ভাৱন কৰিছে নিত্য নতুন কৌশল। তেনে কিছুমান নতুন কৌশলৰ ভিতৰত সাম্প্ৰতিক এটা চমকপ্ৰদ কৌশল ' লেখকক বঁটা প্ৰদানৰ কাৰ্যসূচী। ………প্ৰকাশকসকলে বুজিছে যে পুৰস্কাৰ অকল লেখক আৰু পাঠকৰ সন্তুষ্টি 'লে নহ', পুৰস্কাৰে প্ৰভাৱিত কৰিব লাগিব কিতাপৰ বজাৰ, প্ৰকাশকৰ আগ্ৰহ সেইপিনেহে। সেয়ে প্ৰকাশকসকলে এতিয়া বিশ্বৰ শ্ৰেষ্ঠ সাহিত্য বঁটাসমূহক প্ৰভাৱিত কৰাৰ চেষ্টা চলাইছে। কিন্তু প্ৰকাশকসকল এটা কথাত নিশ্চিত যে প্ৰভাৱিত কৰাৰ এই চেষ্টা সকলো সময়তে সফল নহ'বও পাৰে। গতিকে তেওঁলোকে হাতত লৈছে বিকল্প ব্যৱস্থা।" (পৃষ্ঠাঃ ৩৫, সঃ আছে সঃ নাই) এই কথাখিনিৰে শৰ্মাদেৱে সাহিত্যৰ ভিতৰচ'ৰাৰ ভয়ংকৰ গোপন বুজাবুজিৰ কথা উনুকিওৱা যেন পৰিলক্ষিত হৈছেআমি জানিব বিচাৰোঁ, তেখেতে উল্লেখ কৰা 'বিকল্প ব্যৱস্থা'বোৰ কি কি? আনহাতে,  উদ্ধৃত কথাখিনিত 'পাঠক' শব্দৰ উল্লেখে এই কথা স্পষ্ট কৰা যেন লাগে যে 'লেখকৰ বজাৰ দৰ' নিৰ্ণয়ত পাঠকৰো কিছু ভূমিকা আছে, যি ভূমিকাক লেখাটোৰ প্ৰথম শাৰীতে শৰ্মাদেৱে খৰ্ব কৰিছে। কিয়?

আকৌ, 'লেখকৰ বজাৰ দৰ' লেখাটিৰে শেষৰ ফালে তেখেতে পুনৰ লিপিবদ্ধ কৰিছে কিছু চিন্তাউদ্ৰেককাৰী কথা। তেখেতে লিখিছে যে, "লেখকৰ প্ৰচাৰ আৰু কিতাপৰ বিক্ৰী সম্পূৰ্ণ বজাৰ নিৰ্ভৰ হোৱাৰ পাছত প্ৰকাশকসকলেও বিচাৰিছে লেখকৰ এটা বিশেষ মান।  এজন লেখকৰ বজাৰ দৰ সৃষ্টি কৰিবলৈ যিটো মান ' পাৰে কাৰ্যকৰী।"
( পৃষ্ঠাঃ ৩৬, সঃ আছে সঃ নাই ) এই বিশেষ মানক নাম দিয়া হৈছে 'চেলিব্ৰিটী লেখক' 'চেলিব্ৰিটী লেখক' কোন! 'সাহিত্য সংস্কৃতি, বঁটা বাহন আদি' ৰছনাখনত মনোজ শৰ্মাদেৱে নিজে 'চেলিব্ৰিটী লেখক' ভেদ ভাঙিছে এনেদৰে

"যোৱা কেইটামান বছৰত অসমীয়া সাহিত্যত বঁটা-বাহনে কেনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে, তাক সচেতন চামে লক্ষ্য কৰিছে নিশ্চয়। এচাম তৰুণ লেখকে কেইটামান কবিতা বা গল্প নতুবা এখন উপন্যাস লিখি কোনোবা এটা সৰ্বভাৰতীয় যুৱ বঁটা 'মেনেজ ' কৰাত লাগি যায়। বঁটা দিব পৰা হাতদীঘল কাৰোবাৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু বঁটা যদি পাই যায় তেনেহ'লেতো কথাই নাই। কৰ্পৰেট জগতত সুলভ শাৰীৰিক অভিব্যক্তিৰে তেওঁ সভা-সমিতি, গ্ৰন্থমেলা আদিত অটোগ্ৰাফ দিবলৈ ৰৈ থাকে, ঈষৎ হাঁহি আৰু সামান্য বাৰ্তালাপেৰে ধন্য কৰে অনুৰাগীক। অৰ্থাৎ বঁটা পোৱাৰ পাছত সেই তৰুণ অথবা তৰুণী আৰু লেখক হৈ নাথাকে, তেওঁ হৈ পৰে 'চেলিব্ৰিটী'" (পৃষ্ঠাঃ ৫৩, সঃ আছে সঃ নাই) " প্ৰকাশকে সৃষ্টিশীল লেখক বিচৰা নাই। বিচাৰিছে একোগৰাকী 'চেলিব্ৰিটী' লেখক।" সাহিত্যত চেলিব্ৰিটী লেখক সৃষ্টিৰ যি প্ৰক্ৰিয়া আৰু প্ৰকাশকে চেলিব্ৰিটী লেখককহে মৰ্যাদা দিয়াৰ যি দোষযুক্ত ব্যৱস্থাৰ কথা মনোজ শৰ্মাদেৱে উল্লেখ কৰিছে, সিয়ে কেৱল সাহিত্যকে নহয়, এটা জাতি, এখন সমাজ গঠনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে কাঠগড়াত উঠাইছে। সাধাৰণ মানুহ এতিয়া বিভ্ৰান্ত আৰু দুচকুত হাজাৰ প্ৰশ্ন। সাহিত্যক বঁটা-বাহনেৰে জুখিব পাৰিনে? চেলিব্ৰিটী লেখক সৃষ্টিৰ প্ৰয়োজন আছেনে? সাহিত্যক পণ্য ৰূপ দিলে বৌদ্ধিক চিন্তা-চৰ্চাৰ বাট ভেটি নধৰিবনে? সাহিত্যৰে ঘাই ঘৰ লৰিলে সমাজ কোনদিশে গতি কৰিব
                                                                                     
শেষত পুনৰ এটি প্ৰশ্নঃ সাহিত্যক্ষেত্ৰত ঘটি থকা বিঘিনি সমূহ নিজৰ লেখাৰ জৰিড়তে স্পষ্টতাৰে উল্লেখ কৰাৰ পাছতো আজি কিছুদিন পূৰ্বে দূৰদৰ্শন যোগে প্ৰচাৰিত সাংবাদিক নিতুমণি শইকীয়াৰ দ্বাৰা পৰিচালিত বঁটা বিতৰ্ক সম্পৰ্কীয় এটি অনুষ্ঠানত মনোজ শৰ্মাদেৱে স্পষ্টতাৰে এই একখিনি কথাকে ' নোৱৰাৰ কাৰণ কি? অনুষ্ঠানটিত তেখেত বিতৰ্কিত ব্যক্তিবিশেষৰ পক্ষ লোৱাৰ অৰ্থ কি? শৰ্মাদেৱ দ্বৈৰথ দ্বন্দ্বত ভোগা নাইতো?

প্ৰাণজ্যোতি নাথ
ই-মেইলঃ pranjyoti.kalita.nath@gmail.com