Followers

Tuesday, February 7, 2017



'শ্যামকানু দূৰৈ হৈ নাযাবা': এক জীৱন-দীক্ষা

প্ৰাণজ্যোতি নাথ


'সাতসৰী'  আলোচনীত প্ৰকাশিত

'মই প্ৰতিযোগিতাত ভাগ 'বলৈ নিবিচাৰোঁ মই প্ৰতিযোগিতা ভাল নাপাওঁ প্ৰতিযোগিতাই মানুহৰ মাজত শুই থকা হিংসা, ঈৰ্ষা আদি দানৱবোৰক জাগি উঠিবলৈ উৎসাহ দিয়ে মই প্ৰতিযোগিতা কৰিম__ মোৰ নিজৰ লগত, নিজৰ জীৱনৰ লগত'

(পৃঃ ৮৬, শ্যামকানু দূৰৈ হৈ নাযাবা; অনুপমা বৰগোহাঁই)



'শ্যামকানু দূৰৈ হৈ নাযাবা', ঔপন্যাসিক অনুপমা বৰগোহাঁইৰ প্ৰথমখন উপন্যাস আৰু তেখেতৰ লেখক জীৱনৰ দ্বিতীয়খন গ্ৰন্থ। উপন্যাসখনত মূলতঃ এগৰাকী মাক আৰু তেওঁৰ 'ৰাৰ কাহিনী বৰ্ণিত হৈছে। 'ৰাটি সাধাৰণ 'ৰা নহয়। ঈশ্বৰৰ সন্তান শ্যামকানু নামৰ মাকৰ আলাসৰ লাড়ুটি দুৰাৰোগ্য প্ৰজেৰীয়া ৰোগত আক্ৰান্ত। প্ৰজেৰীয়া এবিধ সততে দুৰ্লভ জটিল জেনেটিক ৰোগ।প্ৰজেৰিন’ নামৰ অসাধাৰণলেমিন-এ’ প্ৰ'টিনৰ বিসংগতিৰ ফলতে এইবিধ ৰোগ হয় বুলি ভৱা হৈছে। প্ৰজেৰীয়া আক্ৰান্ত শিশুৰ শৰীৰত বয়সৰ আগতেই বাৰ্ধক্য পৰিলক্ষিত হয় আৰু শৰীৰৰ লগে লগে ৰোগীয়ে মনেৰেও এজন পৰিপক্ক ব্যক্তিৰ দৰে ব্যৱহাৰ কৰে।এই অসুখকে বিষয় ৰূপে লৈ বলিউদত নিৰ্মিত অমিতাভ বচ্চন অভিনীত 'পা' নামৰ চলচিত্ৰখন যিসকল চলচিত্ৰপ্ৰেমীয়ে চাইছে তেওঁলোকে অনুধাৱন কৰিব পাৰিব যে 'শ্যামকানু দূৰৈ হৈ নাযাবা' উপন্যাসখনৰ কাহিনী অতি সংবেদনশীল। কিন্তু বিষয় একে 'লেও চলচিত্ৰ আৰু উপন্যাসৰ কাহিনীভাগ একে নহয়। এই উপন্যাসখন মানৱিকা নামৰ ছোৱালীজনীৰ ব্যথাভৰা জীৱন আৰু ইতিবাচক জীৱনশৈলীৰে জীৱনৰ ঘাত-প্ৰতিঘাটক জয় কৰাৰ কাহিনী। স্বামী-পৰিত্যক্ত মাকৰ ছোৱালী মানৱিকা প্ৰেমসূত্ৰে বান্ধ খাইছিল দক্ষিণ ভাৰতৰ এজন যুৱকৰ 'তে। বিয়াৰ ডেৰ বছৰৰ পাছত ক্ৰমে আপচু হৈ পৰা ৰোগীয়া সন্তান এটাৰ মাক হোৱাৰেপৰা  সংঘৰ্ষময় জীৱন আৰম্ভ হৈছিল মানৱিকাৰ। এই 'ৰা সন্তানটিৰ নামেই শ্যামকানু। জন্মৰ চাৰিমাহৰ পাছৰ পৰা শ্যামৰ দেহত প্ৰজেৰীয়া ৰোগৰ লক্ষণে দেখা দিয়ে। ফলত মাক-পুতেক পাপী আত্মা বুলি পৰিয়ালৰ মানুহৰ দ্বাৰাই পদে পদে লাঞ্ছিত 'বলৈ ধৰে। শ্যামৰ আঠ বছৰ বয়সত_ মানৱিকাৰ স্বামী অভয়ে যেতিয়া বংশৰক্ষাৰ বাবে আন এগৰাকী কন্যাৰ 'তে বিবাহত বহাৰ হেতু মানৱিকাৰপৰা ডিভোৰ্ছ বিচাৰে; অকলে জীৱনৰ যুঁজখন চলাই নিবলৈ বদ্ধপৰিকৰ হৈ শ্যামক লৈ মানৱিকাই ঘৰ এৰে আৰু ঘটনাক্ৰমে লগ পাই পাৰুলক। পাৰুলৰ জীৱনশৈলীয়ে মানৱিকাক প্ৰভাৱিত কৰে আৰু মানৱিকা বৌদ্ধদৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। বৌদ্ধধৰ্মৰ গুৰু চেনচেইৰ গ্ৰন্থাৱলী অধ্যয়ন কৰি মানৱিকা শ্যামৰ দৰে সন্তান এটি লৈও জীৱনৰ কেৱল পোহৰ ফালটো গ্ৰহণ কৰিব পৰাকৈ প্ৰত্যয়দীপ্ত হৈ উঠে। বৰগোহাঁইৰ ভাষাত __ " বন্ধ দুৱাৰে কঢ়িয়াই অনা অন্ধকাৰৰ ভয়ত চকু মুদি থকাতকৈ মনৰ পোহৰ জ্বলাই অন্য খোলা দুৱাৰ আছে নেকি তাকেহে বিচাৰিব লাগে। অন্ধকাৰক প্ৰত্যাহবান জনাই, মনৰ পোহৰ উজ্জ্বল কৰি অলপ ইফাল-সিফালে বিচাৰি চালেই পোহৰ সোমাই অহা কেইবাখনো দুৱাৰ বিচাৰি পোৱা যায়!" (পৃঃ ২৮,'শ্যামকানু দূৰৈ হৈ নাযাবা')__ এয়া জীৱন সম্পৰ্কীয় ইতিবাচক চিন্তা আৰু এনে ইতিবাচক চিন্তাই মৃত্যুৱে হাতবাউল দি মাতি থকা শিশু এটাৰ মনোজগতৰ কেনেদৰে উৎকৰ্ষ সাধন কৰিছে, তাৰ মাক কেনেদৰে তাৰ জীৱনযুদ্ধৰ ঢাল হৈ পৰিছে আৰু মাক-পুতেকে কেনেকৈ মৃত্যুক জয় কৰিছে, কেনেদৰে জীৱনৰ ঋণাত্মক চিন্তা-ভাবনাক বশীভূত কৰি বুদ্ধত্ব অৰ্জন কৰিছে __সেয়াই 'শ্যামকানু দূৰৈ হৈ নাযাবা' উপন্যাসৰ ঘাই উপজীব্য। প্ৰথিতযশা লেখক ডেল কাৰ্নেগী্যে তেখেতৰ "আত্মবিশ্বাস, প্ৰেৰণা আৰু সফলতা" শীৰ্ষক গ্ৰন্থত 'ভয়ক জয় কৰক'__ এইবিষয়ে 'বলৈ গৈ প্ৰখ্যাত আমেৰিকান লেখক নেপোলিয়ন হিলৰ কথা এষাৰ লিপিবদ্ধ কৰিছে। হিলে কৈছিল যে মানুহ মূলতঃ সাত ধৰণৰ ভয়ৰ চিকাৰ হয়ঃ- দাৰিদ্ৰ্যৰ ভয়, সমালোচনাৰ ভয়, অস্বাস্থ্যৰ ভয়, মৰম-চেনেহৰ পৰা বঞ্চিত হোৱাৰ ভয়, বাৰ্ধক্যৰ ভয়, পৰাধীনতাৰ ভয় আৰু মৃত্যুৰ ভয়। এইবোৰ ভয়ৰপৰা ৰেহাই পাবৰ বাবে আমি নিজৰ মাজতে আত্মবিশ্বাস জগাই তোলাটো জৰুৰী। উল্লেখিত উপন্যাসখনৰ সাৰ্থকতা এইখিনিতে যে মানৱিকা নামৰ চৰিত্ৰটোৱে প্ৰৱল আত্মবিশ্বাসেৰে, আত্মপ্ৰত্যয়ৰে এই সাতোপ্ৰকাৰৰ ভয়ক জয় কৰি নিজক এটি আদৰ্শ চৰিত্ৰৰ ৰূপত তুলি ধৰিছে।
'সাতসৰী'  আলোচনীত প্ৰকাশিত
 
এজন মানুহৰ মাজত ৰাম আৰু ৰাৱণ দুয়োটা চৰিত্ৰই থাকে। ব্যক্তিৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ কোনটো চৰিত্ৰক জয়ী 'বলৈ উৎসাহ দিব। যোগাত্মক কথা-বতৰাই, ইতিবাচক কামে এক নিৰ্দিষ্ট পৰিৱেষ্টনীৰ সৃষ্টি কৰে আৰু যি এবাৰ এই ৱেষ্টনীত প্ৰৱেশ কৰে তেওঁকো শুভভাৱে এনেকৈ প্ৰভাৱিত কৰে যে কথা-বতৰা, ব্যৱহাৰত সেয়া প্ৰতিফলিত হয়। উদাহৰণ স্বৰূপে লেখিকাই সাগৰৰ ঢৌত উটি আহি বালিত আৱদ্ধ হৈ পৰা মাছবোৰক আপোনমনে এটা এটাকৈ পানীলৈ দলিয়াই থকা বৃদ্ধজনৰ কথা উল্লেখ কৰিছে। সাগৰ তীৰত উপস্থিত অন্য মানুহবোৰে তেওঁৰ কাণ্ড-কাৰাখানা চাই প্ৰথমে হাঁহিছিল যদিও লাহে-লাহে এজন দুজনকৈ আহি তেওঁৰ কামত হাত উজান দিবলৈ লয় আৰু শেষত বহুজনে একেলগে এটা-দুটাকৈ মাছবোৰ পানীলৈ দলিয়াবলৈ ধৰাত সকলো মাছৰ জীৱন ৰক্ষা পৰে। ইয়াৰ দ্বাৰা বুজোৱা হৈছে এটি ইতিবাচক চিন্তাৰ শক্তি অযুত উপন্যাসখনত এই শুভ শক্তি পাৰুল। পাৰুলৰ আগ্ৰহত  'নাম ম্যহ' ৰেংগে ক্য' এই যাদুকৰী মন্ত্ৰৰ চাণ্টিঙেৰে মানৱিকাই সমগ্ৰ প্ৰলয়ক জয় কৰিছে। শ্যামৰ দৰে শিশুমনে এই বৌদ্ধত্ব অৰ্জন কৰিছে। জীৱনৰ প্ৰত্যাহ্বানক মনোবলেৰে জয় কৰি আমেৰিকাত অনুষ্ঠিত 'ছানছাইন প্ৰজেৰীয়া ৰি ইউনিয়ন' 'ৰাটো সকলোৰে নয়নৰ মণি হৈ পৰিছে। অসুস্থ শিশু এটাই সুস্থ চিন্তাৰে তাৰ ৰোগাক্ৰান্ত শৰীৰক জয় কৰিছে। সি বুদ্ধ হৈ পৰিছে। বুদ্ধ!বুদ্ধনো কোন"বুদ্ধ কোনো ব্যক্তিবিশেষৰ নাম নহয়।যিয়ে নিজে মুক্তিৰ জ্ঞান লাভ কৰি আনকো মুক্তিৰ পথ দেখুৱাব পাৰে, তেৱেই কেৱল বুদ্ধ।"( গৌতম বুদ্ধ, জানকী বল্লভ পট্টনায়ক) উপন্যাসখন পঢ়ি যাওঁতে শ্যামৰ মাজত জীৱনৰ বহুতো ইতিবাচক দিশ উদ্ধাৰ কৰিব পঢ়ুৱৈয়ে। শ্যাম আৰু মানৱিকাক লগ পাই জনছন নামৰ চিনেমেট'গ্ৰাফাৰজনো বৌদ্ধ দৰ্শনৰ প্ৰতি আকৰ্ষিত হয়। উপন্যাসখনৰ সমাপ্তি নাটকীয়। মানৱিকাৰ স্বামী অভয়ৰ প্ৰত্যাগমন, নাম-যশ-সম্পত্তিৰ লোভত পত্নীক এৰি থৈ বিদেশিনী ভাৰ্যা গ্ৰহণ কৰা মানৱিকাৰ পিতৃয়ে শেষবয়সত ভাৰ্যা-পৰিত্যক্ত হৈ ডালমিনচাৰ Hospiceত মৃত্যুক সাৱটি লোৱা, অভয়ৰ দ্বিতীয় সন্তান অক্ষৰাও প্ৰজেৰীয়া ৰোগী হোৱাৰ কাৰণ তথা আজীৱন অবিবাহিত হৈ থাকি সমাজৰ ভালৰ 'কে যুঁজি যাবলৈ পাৰুল-মানৱিকা-জনছনৰ সংকল্প আদিয়ে অনুভৱী পঢ়ুৱৈক বাৰে-বাৰে ভবাই তুলিব উচুপনিৰ মাজেৰে পঢ়ুৱৈয়ে বুদ্ধত্ব প্ৰাপ্তিৰ কৌশল আয়ত্ব কৰিব আৰু সমাজলৈ এক যোগাত্মক বাৰ্তা বিয়পিব।'শ্যামকানু দূৰৈ হৈ নাযাবা'_ ঔপন্যাসিক অনুপমা বৰগোহাঁইৰ এখন সাৰ্থক উপন্যাস। লেখকৰ শ্ৰম সাৰ্থক হৈছে। বৰগোহাঁইলৈ শুভ কামনা

( ছেপ্তেম্বৰ,২০১৬ সংখ্যাৰ 'সাতসৰী' আলোচনীত প্ৰকাশিত)


No comments:

Post a Comment