প্ৰাণজ্যোতি
নাথ
শিমলুৰ ফুলে হেনো কঢ়িয়ায় প্ৰেমৰ বতৰা। ফেব্ৰুৱাৰী, ঈপ্সিত প্ৰেমৰ মাহ। ফাগুনৰ ধূলিত প্ৰেমৰ সুবাস আৰু দুহাতত মেল খাই আছে এইমাহৰ 'প্ৰকাশ'।
অসমৰ মানবিশিষ্ট আলোচনীসমূহৰ মাজত অন্যতম বৌদ্ধিক সাহিত্যালোচনী হিচাপে ‘প্ৰকাশ’ৰ স্থান অক্ষত। উন্নত মানৰ সমালোচনাত্মক লেখা, প্ৰৱন্ধ, কবিতা, উপন্যাস তথা গ্ৰন্থ সমালোচনাৰ সতে ৰজিতা খুৱাই ‘প্ৰকাশ’ক সমৃদ্ধ কৰা এক বিশেষ ভাগ হৈছে ইয়াত প্ৰকাশিত গল্প। ফেব্ৰুৱাৰী মাহৰ প্ৰকাশক তুলি ধৰিছে পাঁচজন বিশিষ্ট গল্পকাৰৰ পাঁচটা ভিন্ন স্বাদৰ প্ৰেমৰ গল্পই।
পাঁচটা প্ৰেমৰ গল্প আৰু এক অনিৰ্বচনীয় অনুভৱ
পাঁচটা প্ৰেমৰ গল্প আৰু এক অনিৰ্বচনীয় অনুভৱ
ষাঠীৰ্দ্ধো এজন মানুহ। বিদ্বান, সুবক্তা। তেওঁৰ সৈতে
বিবিধ
বিষয়ক
কথা
পাতি
সময়
পাৰ
কৰিবলৈ আহে বিভিন্ন বয়সৰ
তিনিগৰাকী নাৰী। নিজ
পত্নীৰ
প্ৰতি
আনুগত্য ৰক্ষাত একো
কৃপণালি নকৰে যদিও এই পুৰুষে অনুকম্পা ৰাখে সেই তিনিওটি নাৰী চৰিত্ৰৰ প্ৰতি। যদিও এই অনুকম্পা অনুৰাগহে মাথোন বুলি
ড° গোৱিন্দ প্ৰসাদ শৰ্মাৰ 'এটা প্ৰেমৰ গল্প'ৰ নায়কে আত্মপক্ষ সমৰ্থন কৰি বিভিন্ন যুক্তি দিছে, তথাপি ক'ব পাৰি নাৰী-পুৰুষৰ মাজৰ অনুৰাগ প্ৰস্ফূটিত প্ৰেমৰে বীজ। ভাল সম্পৰ্কবোৰ সদায় অনুৰাগেৰে আৰম্ভ হয়। কিন্তু অনুৰাগ ঠিক কি কথাত, কেনেকৈ, কিয় আৰম্ভ হয় ঘপকৈ কৈ দিয়াটো টান। অনুৰাগে ঘৰ বান্ধিলে মনৰ একোণত অংকুৰিত হয় প্ৰেম। কিন্তু এই প্ৰেম প্ৰতিনিয়ত শৰীৰী আকৰ্ষণ নহয়। শৰীৰক চেৰাই গৈও এটা বাট হয়……আত্মাৰ পৰা আত্মালৈ, মনৰ পৰা মনলৈ। এই বাটে এটা সুৰ বান্ধে_ বিশ্বাস-প্ৰত্যয়-সহমৰ্মিতাৰে… এক ঐশ্বৰিক সুৰ। প্ৰেম শিপায় আৰু ক্ৰমাৎ শিপাই যায়। যদিও এই প্ৰেম দেহাতীত, নিষ্পাপ আৰু নিৰ্দোষ… তথাপি মনৰ
একোণত এক প্ৰশ্ন উদয় হয়_ একেসময়তে কেইবাজনো ব্যক্তিৰ সতে প্ৰেম সম্ভৱনে? এই প্ৰশ্নই বিব্ৰত কৰিছে গল্পৰ নায়ককো; "মইতো মোৰ পত্নীকো একে সময়তে নিভাঁজভাৱে ভাল পাওঁ। একেটা জীৱন পৰিক্ৰমাতে অতবোৰ প্ৰেম একেলগে সংঘটিত হ'ব পাৰে নে?"('এটা প্ৰেমৰ গল্প'--ড°
গোৱিন্দ প্ৰসাদ শৰ্মা)এনে অনেক প্ৰশ্নই শেষলৈকে গল্পটোত ক্ৰিয়া কৰিছে। প্ৰেম এক সদ্ভাৱ, প্ৰত্যয় আৰু বিশ্বাসৰ নাম। একে সময়তে সেয়ে বহুজনৰ প্ৰতি সদ্ভাৱ ৰখাত দোষণীয় একো নথকাই স্বাভাৱিক বুলি গল্পকাৰে পাঠকক প্ৰত্যয় জন্মাইছে। গল্পটো পঢ়িলে অনুভৱ হয় যে প্ৰেম সকলো সময়তে এক শৰীৰী প্ৰদাহ নহয়। কোনোমুহূৰ্তত ই কেৱল আত্মাৰ টান এক সহজ অনুৰাগ।
বন্তি শেনচোৱাৰ গল্পটোতো প্ৰেমৰ এই সনাতন ৰূপটোৱেই প্ৰকাশ হৈছে। প্ৰতীকী ব্যঞ্জনা আৰু সুগঠিত শৰীৰেৰে 'নিৰ্জৰ নৈ' এটি বলিষ্ঠ গল্প। যৌৱন কালতে সমনীয়া ছোৱালীজনীলৈ সৃষ্ট অনুৰাগ গল্পৰ নায়কে লালন কৰিছে প্ৰেমৰ দৰে। এখন বেলেগ সংসাৰৰ বোজা কঢ়িয়াই মুমূৰ্ষু
হৈ পৰা
গল্পৰ পৌঢ় নায়িকাই জীৱনৰ শেষ বয়সত উপলব্ধি কৰিছে যে নৈৰ সোঁতত তামৰ টৌ হেৰুৱাই আহি সিহঁতৰ লগ লগা সেই ল'ৰাটো,তাইৰ মাক-দেউতাকে চপাই লোৱা সিহঁতৰ ঘৰধৰা ল'ৰাটো …তাৰ সাহসতে তাই আনৰ ঘৈণী হৈয়ো দুৰ্যোগময় জীৱনৰ সোঁতত নিজক নেহেৰুৱালে। সি তাইৰ সাহ। সংসাৰৰ দায়িত্ব সামৰি মদাহী স্বামীৰ মৃত্যুৰ পাছত সেয়ে তাই তাৰ সতে থকাৰ মন মেলে। "ৰাত্ৰি নদীৰ স্ৰোত বৈয়া কি নাবৈয়া?"
"বৈয়া বৈয়া।"(‘নিৰ্জৰ নৈ’-বন্তি
শেনচোৱা) এয়াই প্ৰেম। শেষ বয়সতো যি সহচৰী জীৱনৰ।
পঢ়ি ভাল পোৱা আনটি গল্প হ'ল মনালিছা শইকীয়াৰ 'জুহাল'। আমি সকলোৱে সংগোপনে মনত লৈ ফুৰোঁ এখন অন্য পৃথিৱী। যিখনৰ আভাস মাত্ৰ কঢ়িওৱা জনেহে দিব পাৰে।দুৰ্বোধ্য এই পৃথিৱীখন নিজৰ অভ্যন্তৰত কঢ়িয়াই ফুৰা একপ্ৰকাৰ দুঃসহ যন্ত্ৰণা। গল্পৰ আৰম্ভণিতে এই গল্পৰ নায়ক ওলাইছে এখন বিশেষ ঘৰলৈ। বন্ধু এজনে দিয়া থিয়েটাৰ চাবলৈ যোৱাৰ প্ৰস্তাৱটো অগ্ৰাহ্য কৰালৈ চাই বুজিব পাৰি যিখন ঘৰলৈ যোৱাৰ পৰিকল্পনা আছে, তাত অন্য এক আকৰ্ষণ আছে। এই আকৰ্ষণৰ নিচা নাটক চোৱা বা মদ খোৱাৰ নিচাতকৈ কিছু পৃথক। গল্পটি পঢ়ি উঠি অনুভৱ হয়… সেই বিশেষ ঘৰখনৰ গৃহিণীৰ প্ৰতি থকা অব্যক্ত সদ্ভাৱেই নায়কৰ বহুদূৰ বাট অতিক্ৰমী সেই ঘৰলৈ যোৱাৰ মূল কাৰণ। নায়কে গল্প-কবিতা লেখি ভালপায়। ভালপায় সেই ঘৰৰ গৃহিণীয়েও…যি সম্পৰ্কত তেওঁৰ বন্ধুৰ আপাদেউ, তেওঁৰো। কিন্তু তেওঁক আপাদেউ সম্বোধন কৰিবলৈ গ'লে জড় হৈ পৰে জিহ্বা। অন্য এজনৰ প্ৰতি আসক্তিৰ বাবে তেওঁ নিজ পত্নীক স্ব-ইচ্ছাই ত্যাগ কৰিছে। তথাপি কলী, সুগঢ়ী মানুহজনী ৰাতি আহি তেওঁৰ ভাৱনাত ধৰা দিয়ে।সেই ভাৱনাই পুৰি নিয়া কলিজাই
বোধহয় বিচাৰি আহে আপাদেউৰ দৰে এজনী সংবেদনশীল,মমতাময়ী মানুহৰ সংগসুখ। নিচাদেউৰ আত্মাত জ্বলিছে অনুশোচনাৰ জুই। তেওঁ চুৱা কৰা ঘৰুৱা কাম কৰা তিৰোতাজনীৰ সন্তানটোক তেওঁ তোলনীয়া পো কৰিছে। কিন্তু এই কথা গম পাইছে তেওঁৰ পত্নীয়ে, অৰ্থাৎ আপাদেউৱে। সহজভাৱে স্বামীৰ দোষক আঁৰ দিছে যদিও দহনে পীড়িছে তেওঁকো। সন্তান ধাৰণৰ অক্ষমতাই তেওঁক শোকাতুৰা কৰিছে। আৰু গল্পৰ নায়কক আঁৰ-বেৰ নোহোৱাকৈ এই সকলো কথা বেকত কৰাত অনুভূত হৈছে নায়কৰ প্ৰতি তেখেতৰ সদিচ্ছা বা ভালভাৱ। এইদৰে আমি প্ৰত্যকেই বোধহয় মনৰ একোণত কঢ়িয়াও অব্যক্ত বেদনাৰ এখন ‘জুহাল’, কোনোবাজন তাত জ্বলি -জ্বলি আঙঠা হওঁ আৰু কোনোজন উত্তাপহীনতাত ছাই হৈ পৰোঁ। এই গল্পটোত অংকিত হৈছে আন এখন ছবিও। সেইখন হ'ল বাসনা বা মানুহৰ জৈৱিক ক্ষুধাৰ ছবি। প্ৰেম আৰু শৰীৰ, কোনো মুহূৰ্তত ইটো সিটোৰ পৰিপূৰক। এটাক বাদ দি সিটো সম্পূৰ্ণ নহয় যেন বোধ হ'লেই আমি বাঞ্ছিত প্ৰেমিকজনৰ স্পৰ্শসুখ বিচাৰোঁ। শৰীৰী মিলন যিহেতু উৎপাদিকা শক্তিৰ বাহকো সেয়ে বাসনাৰ তৃষ্ণাক পাপ বুলি একেআষাৰে নৎস্যা কৰি দিব নোৱাৰি। আপাদেউৱে এটা সন্তান বিচাৰিছে। পুৰুষ-নাৰীৰ শৰীৰী মিলনৰ অন্তৰালত থাকে আন এটা জীৱনৰ উত্তৰণ অৰ্থাৎ ক’ব পাৰি এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মিলনৰ ফলশ্ৰুতিতে সৃষ্টি হয় সন্তান। সেয়ে বৰ্তি থাকিবৰ বাবে অপাপ শৰীৰী ক্ষুধা প্ৰয়োজনীয়ও । জৈৱিক বাসনা আৱেগৰ চৰম প্ৰকাশ।সুস্বাস্থ্যৰ লক্ষণো।সেয়ে মানৱ মনৰ এই চিৰন্তন
হাবিয়াসক চিত্ৰিত নকৰাকৈ প্ৰেমক গল্পৰ ৰূপত তুলি ধৰাৰ চেষ্টা বৃথা। বাসনা প্ৰেমৰ অংগাংগী আৰু ইয়াৰ চিত্ৰণ প্ৰেমৰ দাবী, যি দাবী স্বকীয় শৈলীৰে উপস্থাপন কৰাত সফল হৈছে গল্পকাৰ শইকীয়া__ “গোন্ধ
এটাটো ক'লীকৈ মানুহজনীৰো
আছিল। তাইৰ শৰীৰৰ
পৰা প'ণ্ডছ
পাউদাৰ আৰু গোন্ধ
তেলৰ গোন্ধটোৱে কোঠাটো
ফুৰফুৰিয়া কৰি
তুলিছিল।পিন্ধি
থকা খাৰু কেইপাত
মাজে-মাজে খিলিং-খালাঙকৈ বাজি
উঠিছিল।
……খোপাৰ ওৰণিখন এবাৰ
খহি যাওঁতে তেওঁৰ
চকুত পৰিছিল পিছফালৰ
পৰা তাইৰ দীঘল
ডিঙিটোত। বৰণটো ক'লী হলেও সুগঢ়ী
আছিল তাই।"(জুহাল-মনালিছা
শইকীয়া)
বয়সন্ধিৰ কালছোৱাত শাৰীৰিক পৰিৱৰ্তনৰ লগে-লগে এক মানসিক পৰিৱৰ্তনেও ধৰা দিয়ে প্ৰতিজন কৈশোৰৰ মাজত। সদায় দেখি থকা সৰু বস্তুবোৰো নতুন হৈ চকুত ধৰা দিয়ে এই সময়ছোৱাত। সদ্যপ্ৰাপ্ত যৌৱনে হাতবাউলি দিয়ে প্ৰেমক। জাগি উঠে কিছু শৰীৰী ইচ্ছা। গল্পকাৰ জুৰি বৰা বৰগোহাঞিৰ গল্প 'প্ৰেম অথবা'ত প্ৰতিফলিত হৈছে এজন সদ্যযৌৱনপ্ৰাপ্ত যুৱকৰ প্ৰেমানুভৱ। সহপাঠী পৰীৰ প্ৰতি আকৰ্ষিত হোৱা যুৱকজন ভক্তি মাৰ্গত উচৰ্গিত এজন ভকতীয়া যুৱক। প্ৰাত্যহিক শৃংখলিত জীৱনে যাৰ মানবীয় আৱেগ-অনুভূতিক শিকলি লগাব পৰা নাই। অথচ এই আৱেগক বান্ধিব খোজা হৈছে এনেদৰে, "সত্ৰৰ ভকতৰ বাদে কাকো নুচুবি, চুলেই সৱ কাপোৰ তিয়াই গা ধুব লাগিব।"('প্ৰেম অথবা') কিন্তু যৌৱনক জানো নাকী লগাব পাৰি? প্ৰেমক?? "আজি দেৱৰ গতানুগতিকতাত নতুন ভাৱ। আদিম উত্তেজনাৰ অশ্লীল, ৰসাল, অজান পৃথিৱী এখন আৱিষ্কাৰৰ উত্তেজনাত সি অথিৰ-অবিৰ হ'ল। গধূলি প্ৰসংগ কৰিবলৈ নামঘৰৰ কঠত বহি সি……বুকুৰ শব্দ শুনা পালে। ৰাতিৰ শোৱা পাটীত তাৰ দুচকুলৈ নামি আহিল এজনী নাৰীৰ এটা অচিনাকী শৰীৰী অবয়ৱ।……এইটো শৰীৰ পৰীৰ।"('প্ৰেম অথবা'-জুৰি বৰা বৰগোহাঞি) এয়া চিৰন্তন মানবীয় অনুভূতি। সত্য, শ্বাশ্বত। ইয়াক বাদ দি জীৱন অসম্ভৱ। প্ৰেম গৌণ হ'ব নোৱাৰে। প্ৰেমত শৰীৰী আৱেদনো গৌণ হ'ব নোৱাৰে। প্ৰেমিকাৰ সতে ঘৰ বান্ধিবলৈ মন কৰা ল'ৰাটোৱে এই আশা জলাঞ্জলি দিছে শাৰীৰীক অক্ষমতাৰ বাবে নহয়, সি এই আশা এৰিছে নিজৰ ভৰিৰ ওপৰত থিয় দি কিবা এটা সংস্থাপন যোগাৰ কৰিব নোৱাৰি। প্ৰেমিকা পত্নীক ভৱিষ্যতে এমুঠি ভাত জোগাৰ কৰি দিব নোৱাৰিব ইয়াতকৈ ভাল তাই যোগ্য কোনোজনৰ সতে বিয়া হৈ যাওক। ল'ৰাটোৰ এই বলিদানত পৰোক্ষ ভাৱে জড়িত হৈ আছে আন এক শক্তি। সেয়া সত্ৰ-সংস্কৃতি। জুৰী বৰাৰ গল্প এটা বলিষ্ঠ 'মেছেজ' কিছু অপসংস্কৃতিৰ বিৰূদ্ধে…যি মানুহক মানুহ হৈ থাকিবলৈ নিদিয়ে। এই শোষণ, অৱদমন চলে আমাৰ সকলোৰে জ্ঞাতে। ফুলিব খোজা ফুলপাহহে যেন মুচৰি ছিঙি আনি অৰ্পন কৰা হয় এক অলৌকিক বিশ্বাসত, নাম যাৰ ঈশ্বৰ। পাখি ভাঙি পখীক সঁজাত বন্দী কৰাৰ দৰে দেৱ নামৰ ল'ৰাটোৰ বন্দীত্বৰ কাহিনীয়ে পাঠকক পৰশি যাব আৰু পাঠকে হয়তো এটা প্ৰশ্ন তুলিব…তাৰ সপোনবোৰ চুৰি কৰাৰ অধিকাৰ তোমালোকক কোনে দিলে!
মণিকা দেৱীৰ "উৰন্ত অপ্সৰা"ৰ কাহিনীৰ নতুনত্বইও এক অনন্য সোৱাদ দিলে। এজন ভাস্কৰৰ সৈতে নায়িকাৰ প্ৰেম আৰু প্ৰতিক্ষণতে প্ৰেমাস্পদক ওচৰত পোৱাৰ বাসনাৰ প্ৰাঞ্জল বৰ্ণনাই গল্পটো উপভোগ্য কৰিছে। প্ৰেমাস্পদক সকলো সময়তে যেন আৱৰি ৰাখিম, তেওঁৰ ভাল-বেয়াৰ খবৰ ৰাখি তেওঁৰ প্ৰয়োজনীয় সকলোখিনি নিজে হাতে যুগুতাই দি আমি আমাৰ দায়িত্ব পালন কৰিম_ এনে আকাংক্ষাই আমাক কোনোমুহূৰ্তত চপল আৰু আৱেগিক কৰি তোলে। সেয়া কৰি দিব নোৱাৰিলে দুখী হও আমি। প্ৰেমাস্পদৰ সংগসুখ নাপাই ব্যথিত হোৱা,নিজকে অনাহূত অতিথি যেন বোধ হোৱা প্ৰেমিকাই শেষত নায়কক সাৱটি ধৰি তেওঁৰ অধিকাৰ প্ৰতিপন্ন কৰিছে। 'উৰন্ত অপ্সৰা' গল্পকাৰ মণিকা দেৱীৰ এটি মিঠা প্ৰেমৰ গল্প।
ফেব্ৰুৱাৰী সংখ্যাৰ আলোচিত গোটেইকেইটি গল্পই বাৰুকৈয়ে আপ্লুত কৰিলে। প্ৰতিটি গল্প মানবীয় আৱেদনেৰে ভৰপূৰ গল্পকাৰৰ মনৰ কথা। প্ৰতিটি গল্পৰ সৈতে পাঠকে একাত্ম অনুভৱ কৰিব। আজিৰ যান্ত্ৰিক পৃথিৱীত প্ৰেমে নতুন বোল সানক। বাহাল থাকক 'প্ৰকাশ'ৰ জয়যাত্ৰা… এয়ে আন্তৰিক কামনা।
No comments:
Post a Comment