Followers

Tuesday, February 7, 2017

প্ৰবন্ধঃ অসমীয়া সাহিত্যত লোকভাষা, লোকসাহিত্যৰ বোল


"প্ৰতিখন কিতাপৰ আঁৰত একোজন মানুহ আছে। মানুহজনৰ আঁৰত এটি জাতি আছে। জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক অৱদান আছে।"
                            
                                                                            _'
ভাষা আৰু সাহিত্য'পৃঃ৯
                                                                                
° উপেন্দ্ৰনাথ গোস্বামী



বাকলি-বসন পিন্ধি হাবি-বননি, গছৰ ফেৰেঙনি বা গুহাত বাস কৰিবলৈ লোৱাৰে পৰা মানুহে ঠাৰে-চিঁয়াৰে, সাংকেতিক উকি বা পৰস্পৰবোধ্য চিঞৰ মাৰি অথবা কঠিন শিলত সাংকেতিক চিহ্ন আঁকি নিজৰ মনৰ ভাৱ প্ৰকাশৰ চেষ্টা কৰিছিল। ক্ৰমাৎ অঘৰী মানুহে পাত-বাঁহেৰে ঘৰ সাজি বসবাস কৰিবলৈ লোৱাৰ সময়ৰ পৰাই বোধহয় ভাৱ প্ৰকাশৰ স্বাৰ্থত বা সুচাৰুৰূপে দৈনন্দিন কাম সমূহ পৰিচালনাৰ বাবে আৰম্ভ হৈছিল ভাষাৰ; নিৰ্দিষ্ট ধ্বনি, আকাৰ-ইঙ্গিত, নৃত্যৰ মাজেৰে তেওঁলোকে নিজে বুজি পোৱা কিছু শব্দৰ। এই শব্দসমূহেই জোঁট বান্ধি সময় পৰিৱৰ্তন আৰু সভ্যতাৰ উন্নতিৰ লগে-লগে কিছু উন্নত হৈ একোটা নিৰ্দিষ্ট ভৌগলিক অৱস্থানৰ, কিছু নিৰ্দিষ্ট জনগোষ্ঠীৰ মানুহৰ মনৰ ভাৱ প্ৰকাশৰ প্ৰধান মাধ্যম হৈ পৰিল; এনেকৈয়ে ছাগে আৰম্ভ ' লোকভাষাৰ। লোকভাষা ' বিভিন্ন ভাষা-সম্প্ৰদায়ৰ মাজত প্ৰচলিত কথ্য-ভাষা। ধ্বনি, উচ্চাৰণ ৰীতি, শব্দৰ প্ৰয়োগ আৰু অৰ্থৰ পাৰ্থক্য ভেদে বিভিন্ন অঞ্চলত বিভিন্ন লোকভাষা প্ৰচলিত। লিখিত ভাষাতকৈ মুখ বাগৰি অহা এনে ভাষা অধিক সুৰীয়া, হৃদয়স্পৰ্শী আৰু ব্যঞ্জনাধৰ্মী। লোকভাষাত প্ৰয়োগ হোৱা শব্দ, বাক্য বা কোনো বিষয় বুজাবলৈ ব্যৱহাৰ কৰা উদাহৰণ সমূহ চিত্ৰসম্বলিত। যথাযোগ্য আৰু বহু শব্দ প্ৰয়োগৰ অক্ষমতাৰ হেতু বোধহয় উপমা-উদাহৰণেৰে সেই সময়ৰ মানুহে বক্তব্য ৰখাৰ চেষ্টা কৰিছিল। মানুহে জীৱনত কি দেখিলে, কি কি অভিজ্ঞতা লাভ কৰিলে, বা সেই অভিজ্ঞতা সম্পৰ্কে মনৰ মাজত কি ধাৰণা ' ঘাইকৈ সেয়া প্ৰকাশৰ বাবেই মুখে-মুখে প্ৰচলন হোৱা লোকভাষাই প্ৰগতিৰ লগে-লগে পৰিশীলিত ৰূপত সেই জাতিৰ, জনগোষ্ঠীৰ এক সুকীয়া পৰিচয় হৈ আন্তৰ্জাতিক পৰিৱেশত সেই জাতিৰ জাতীয় অস্তিত্ব ঘোষণা কৰিলে। অৰ্থাৎ মৌখিক কথা-বতৰাৰে একোটা অঞ্চলবিশেষৰ সামাজিক পৰিৱেশ, খোৱা-লোৱা, ৰীতি-নীতি-পৰম্পৰা, উৎসৱ-পাৰ্বন, হাঁহি-আনন্দ, দুখ-দুৰ্দশা আদি বুজাবলৈ যি ভাষাৰ সৃষ্টি ', সি সময়ৰ গতিত এনেদৰে ছন্দোৱদ্ধ হৈ সুললিত হৈ পৰিল যে লোকভাষা প্ৰস্ফূটিত ' লোকসাহিত্যৰূপে। কোনো এটা জাতিৰ মন আৰু চৰিত্ৰই যুগে-যুগে কেনেদৰে প্ৰগতিৰ পথত আগুৱাইছে তাকে দাঙি ধৰে লোকসাহিত্যই। অপৰিস্কাৰ ৰূপত চলি আহিলেও অসমীয়া সাহিত্যত লোকভাষা বা লোকসাহিত্যৰ অৱদান যথেষ্ঠ। অসমৰ জাতীয় জীৱনত ভূমুকি মাৰিবলৈ ভূমুকি মাৰিব লাগিব অসমীয়া লোকসাহিত্যত।

জগতৰ সকলো সাহিত্যৰে আৰম্ভণি হৈছে গীত বা কবিতাৰে। গীতিধৰ্মিতা লোকসাহিত্যৰ প্ৰধান গুন। অনাখৰী লোকৰ দ্বাৰা ৰচিত আৰু সমাদৃত অসমীয়া লোকসাহিত্যক প্ৰধানকৈ তিনিভাগত ভগাব পাৰিঃ
) লোকগীত, )ফকৰা-যোজনা, সাঁথৰ-পটন্তৰ আৰু )সাধুকথা।


অসমীয়া লোকগীত সমূহৰ ৰচনাকাল সম্পৰ্কে খাটাংকৈ একো ' নোৱাৰি। এইসমূহ স্মৃতিৰ ওপৰত ৰৈ থকা সাধাৰণ মানুহৰ মনৰ বিভিন্ন অৱস্থা বা ভাৱপ্ৰকাশক ছন্দোৱদ্ধ ৰচনা। বুদ্ধিমত্তা বা পাণ্ডিত্যৰ পৰিচয় নাই যদিও গীতসমূহৰ সাহিত্যিক মূল্য আছে। সৰহভাগ লোকগীত দুলৰী আৰু পয়াৰ ছন্দত ৰচিত। অসমীয়া লোকগীত সমূহক তিনিভাগত ভগাব পাৰি। 
)অনুষ্ঠানমূলক গীত
)কৰ্মবিষয়ক গীত আৰু
)আখ্যানমূলক গীত।

অনুষ্ঠানমূলক গীতসমূহৰ ভিতৰত বিহুগীত, বিয়ানাম, ভক্তিমূলক গীত, মহোহো গীত, জুনা আদি উল্লেখযোগ্য। হুচৰি-গীত, বন-ঘোষা, বনগীত আদিক বিহুগীতৰ অন্তৰ্গত বুলিব পাৰি। উদাহৰণস্বৰূপে,
 
"প্ৰথমে ঈশ্বৰে            সৃষ্টি সৰজিলে
         
তাৰ পাছত স্ৰজিলে জীৱ
সেইনোজন ঈশ্বৰে    পিৰীতি কৰিলে
           
আমিনো নকৰিম কিয়?"
                                      (
বন-ঘোষা)

"আগলি বাঁহৰে          লাহৰি গগনা
            
বহি তাঁতৰ পাতত বাওঁ,
আহে কি নাহে     মোৰ ধন লাহৰী
            
চিৰি পাতি মঙ্গলখন চাওঁ।
                                         (
বিহুগীত)

লোকসাহিত্যত বিয়ানামৰ কথা কওঁতে ভেকুলী-বিয়াৰ গীতৰ কথা উল্লেখ কৰিব পাৰি।
"
ভেকোলা ভেকুলীৰ বিয়াহে।
জাক জাক বৰষুণ দিয়াহে।।"

উজনিৰ ফালে বৰষুণ কামনাৰে যেনেদৰে ভেকুলী-বিয়া অনুষ্ঠিত হয়, একে উদ্দেশ্যৰে নামনিত হুদুম পূজাৰ গীত প্ৰচলিত। সেইদৰে মহ-খেদোৱাৰ উদ্দেশ্যে নামনি অসমত মহোহো গীত গাই মহোহো উৎসৱ পালন কৰা হয়। 
"
' হৰি মহো-হো
' খেইদেবা টোকোন লো।
মহে বোলে মইল্লু দে,
টেপল পুৰা খালু দে।
টেপলত নহ' নুন
চাউল লাগে দোণ দোণ। 
                                 (
মহখেদা গীত)

নলবাৰী, মঙলদৈ, বৰপেটা আৰু গোৱালপাৰাৰ মহোহো গীত প্ৰায় একে, কেৱল ভাষাৰ পাৰ্থক্য আৰু কথা-বস্তুৰ সামান্য ইফাল-সিফাল। একেধৰণৰ  অনুষ্ঠানমূলক অন্য লোকগীতসমূহ ' কামৰূপৰ বাম্বোল-পিটা গীত আৰু গোৱালপাৰাৰ এউৰী মগা গীত।

ভক্তিমূলক গীত বুলিলে আইনাম, দেৱীনাম, সুবচনীৰ নাম, জগন্নাথৰ নাম, লখিমী আদৰা নাম, চৰা-ব্ৰতৰ গীত, পাগলা পাৰ্বতীৰ গীত, দেহ বিচাৰৰ গীত, টোকাৰী গীত, হাইদাং গীত আদিৰ লগতে আজান পীৰৰ নামত প্ৰচলিত জিকিৰসমূহো ভক্তিমূলক গীত আৰু অসমীয়া ভাষাৰ অমূল্য সম্পদ।

শ্ৰম-লাঘৱৰ হেতু কাম কৰাৰ সময়ত আনন্দ লাভৰ উদ্দেশ্যে যি সমূহ গীত গোৱা হয়, সেইয়াই হৈছে কৰ্মবিষয়ক গীত বা কৰ্মসংগীত। সৰু 'ৰা-ছোৱালীক ওমলাবৰ বাবে নিচুকনি গীত বা ধাইনাম গোৱা হয়। নলবাৰী অঞ্চলত ইয়াক ''লি ভুৰকোৱা গীত' আৰু গোৱালপাৰা জিলাত 'নিন্দালি গীত' বা 'ছাৱা ভুৰ্কা গীত' বোলা হয়। 
"কাণ খৱা নাহিবি ৰাতি

তোৰে কানেকাটি লগামে বাতি,
চাকি নুমাল, বাতি নুমাল,
বাপাই দেখে আন্ধাৰ
দুৱাৰ মুখোত বহি আছে
ভকোলুমুৱা বান্দাৰ।

 
একেদৰে, গোৱালপৰীয়া ভাষাত__
আয়ৰে আয় জোন কাকা,
আয় আয় আয়-
দুধ দিম, ভাত দিম,
চাঙেৰ তলত খেলা দিম
হৈ-হৈ-হৈ।"
বড়ো, ৰাভা, মিচিং, ডিমাচা, কাৰৱি ভাষাৰ নিচুকনি গীতৰ ভড়ালো চহকী। এই জনজাতীয় ভাষা-ভাষী লোকসকলৰ মুখে-মুখে প্ৰচলিত বিহুগীত, হুঁচৰি, বিয়ানাম, শ্ৰম আৰু কৰ্ম সম্পৰ্কীয় গীত সমূহো শ্ৰুতিমধুৰ। নাওখেলৰ গীত, তাঁতশাল সম্পৰ্কীয়, মলুৱাৰ গীত, গৰু ৰখিবলৈ গৈ গোৱা গৰখীয়া গীত, কুঁহিয়াৰ পেৰা গীত, মোৱামৰীয়া ৰণুৱাৰ গীত আদিও ' কৰ্মসংগীত বা কৰ্মবিষয়ক গীত। গছ-কটা গীত, ধান-বনা গীত আদি গোৱালপাৰা জিলাত প্ৰচলিত কৰ্মবিষয়ক গীত। কৰ্মবিষয়ক আন এবিধ লোকগীত ', জুনা। জুনা ' এবিধ কাল্পনিক কাহিনী গীত। মূলতে জুনা শব্দই হুঁচৰি গাওঁতে নাচনীয়ে নাচিবলৈ লোৱাৰ আগতে গোৱা বিহুগীত বুলি বুজাইছিল যদিও পিছলৈ কেইটিমান নিৰ্দিষ্ট কাহিনী-গীতক জুনা ৰূপে ধৰা হয়। ইয়াৰ ভিতৰত অসমীয়া ভাষাত নাঙলৰ জুনা, পৰুৱা শিপিনীৰ জুনা, কপাহৰ জুনা, তাঁতীৰ জুনা আদি বিশেষ বিশেষ কামৰ লগত জড়িত কেইবিধমান জুনা আছে। তাঁতীৰ জুনাৰ কাব্যিক সৌন্দৰ্য অতি মনোৰম। 

"দীঘলে সাৰংগ পুতলে বৰ।
তাৰ আগে দিবা গুনা বিস্তৰ।।
শিৰত লিখিবা বসুদেৱ পিতা।
ওৰণীত লিখিবা দৈৱকী মাতা।।
আঁচুতে লিখিবা আকাশী তৰা।।"
              (তাঁতীৰ জুনা)

আখ্যানমূলক গীতসমূহৰ মাজেদি একোটি আখ্যান বৰ্ণনা কৰা হয়। ইয়াক কাহিনী-গীত বা মালিতাও বোলা হয়। ° লীলা গগৈ চাৰে কৈছে, "ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে  গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীয়েই ' মালিতা। কৰুণ ৰসেই এই গীতৰ প্ৰধান সুৰ যদিও এনে গীতৰ মাজেদি বীৰত্বব্যঞ্জক, আদি ৰসাত্মক, দুঃসাহসিক বা অতিপ্ৰাকৃত ঘটনাও বৰ্ণিত হয়। বিষয়বস্তুৰ ফালৰপৰা তিনিভাগত ভগোৱা আখ্যানমূলক লোকগীতসমূহৰ বুৰঞ্জীমূলক মালিতাত নাহৰৰ গীত, চিকন সৰিয়হৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰনাথ সিংহৰ গীত, হৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত আদি পৰে। ইয়াৰ ভিতৰত নাহৰৰ গীতসমূহ প্ৰাচীনতম বুলি পোৱা যায়। কিংবদন্তী বা জনশ্ৰুতিৰ ওপৰত ৰচিত গীতসমূহৰ ভিতৰত মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, ময়নামতীৰ গীত, কমলা কুঁৱৰীৰ গীত আদিবোৰ প্ৰধান। কাল্পনিক গীতসমূহ ' বাৰমাহী গীত।  বাৰমাহৰ প্ৰাকৃতিক পৰিৱেশৰ কবিত্বময় বৰ্ণনা থাকে বাবেই এই গীতসমূহ বাৰমাহী গীত।  নামনি অসমত এইবিধ গীতৰ অধিক প্ৰচলন। পুৰণি কালত আঘোণ মাহক বছৰৰ প্ৰথম মাহ বুলি ধৰি বছৰ-গণনা কৰা হৈছিল, সেয়ে ইয়াক অগ্ৰহায়ণ আৰু মাৰ্গশীৰ্ষ বোলা হয়। কন্যা বাৰমাহী, সীতা-বাৰমাহী, দুবলা শান্তিৰ গীত, মধুমতীৰ গীত আদি প্ৰায়বোৰ গীতেই আঘোণ মাহেৰে আৰম্ভ হৈছে। উদাহৰণস্বৰূপে,
 
'আঘোণৰ মাহতে নাকাটিলা পাত।

খাবলৈ নাপালা প্ৰভু নৱ ধানৰ ভাত।।'

'আঘোণৰ মাহতে শান্তি দ্বিতীয়াৰে জোন।
ষোল বছৰে শান্তিৰ ভৈলন্ত যৌৱন।।'

'আঘোণ মাহতে কন্যা সংসাৰে নৱান ধান।
কতেক খাইতে মধু কতেক পুৰাণ।।'

বিৰহিণী নাৰীৰ অন্তৰতম প্ৰদেশৰ পৰা ওলোৱা কৰুণ সুৰেই বাৰমাহী গীতৰ মূলকথা। দ্ৰৌপদী, ৰাধিকা, যশোদা আদি পৌৰাণিক চৰিত্ৰৰ সতে জড়িত বহুতো বিলাপ-গীত পোৱা যায়। গোৱালপাৰা অঞ্চলত ভাৱাইয়া, চট্কা, মাহুত বন্ধুৰ গীত, মৈষাল-বাইসাল বন্ধুৰ গীত আদি প্ৰেমমূলক আৰু ৰসাত্মক গীতৰ প্ৰচলন আছে। ° মহেশ্বৰ নেওগ ডাঙৰীয়াই কৈছে যে, তুলনামূলক ভাৱে ইউৰোপীয় লোকগীতসমূহ প্ৰধানকৈ আখ্যানমূলক আৰু দেশাত্মবোধক; কিন্তু অসমীয়া লোকগীতসমূহৰ সৰহভাগেই লিৰিকেল বা এক ভাৱব্যঞ্জক।


লোকগীতৰ দৰে ফকৰা, যোজনা, পটন্তৰ আদিও অসমীয়া লোক-সাহিত্যৰ আপুৰুগীয়া সম্পদ। লীলা গগৈ চাৰে বৈষ্ণৱসকলৰ দ্বাৰা ধৰ্মৰ গোপনীয়তা ৰক্ষা কৰা বা গাম্ভীৰ্য বৰ্ধনৰ হেতু ৰচিত কিছু কথাকে ফকৰা বুলিছে। ফকৰা ' পাৰমাৰ্থিক অৰ্থবোধক কথা। 'বাৰকুৰি বৰগীত, তেৰকুৰি ফকৰা' কথাফাকিৰ দ্বাৰা আনুমানিক তেৰকুৰি ফকৰাৰ প্ৰচলন আছিল বুলি গম পোৱা যায় যদিও চাৰিশতকৈও অধিক ফকৰা বিভিন্নজন পণ্ডিতৰ দ্বাৰা সংগৃহীত হৈছে। অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন লোকভাষাত অনেক ফকৰা-যোজনাৰ এতিয়াও প্ৰচলন আছে। ভোজনঠেলা(জলকীয়া), গুৱা(তামোল-পাণ), চাউলমুঠি(ভাত) আদি ইংগিতসূচক শব্দ ফকৰাত ব্যৱহাৰ হয়। 
"চাৰি চোৰ দহ হাতী

এক কাউৰে লৈ যায়
কাক কম কোনে পতিয়াব
কোনে বুলিব হয় হয়।"
ইয়াত চাৰি হাতী=কাম, ক্ৰোধ, লোভ, মোহ; দহ হাতী=দশ ইন্দ্ৰিয়; এক কাউৰ=মন।

একেদৰে,
"
শাল-শিঙী দুয়ো ' ভকত।
কুচিয়া আতাক তুমি আনিয়ো লগত।"
শাল=গীতা, শিঙী=ভাগৱত, কুচিয়া=বেদ। 


এনেদৰে ফকৰাবোৰ দেখাত বিসংগতি যেন লাগিলেও অৰ্থ ভঙাৰ পাছত উপভোগ্য হৈ পৰে। ফকৰাসমূহত নিহিত অৰ্থলৈ চালে সেইসমূহ সৃষ্টি পণ্ডিতব্যক্তিৰ দ্বাৰাহে হৈছিল বুলি অনুভৱ হয়। 'বনলতা' প্ৰকাশ কৰা জীৱন চন্দ্ৰ কোচৰ 'ফকৰা-যোজনা' গ্ৰন্থখনিত অসমত প্ৰচলিত বিভিন্ন ভাষাৰ ফকৰা সংযোজন কৰা হৈছে। আনহাতে ডিম্বেশ্বৰ নেওঁগৰ 'ৰহৰহী' প্ৰায় দুহাজাৰমান উৎকৃষ্ট যোজনা সংযোজন কৰা হৈছে। যোজনাবিলাক সাধাৰণতে দুফাঁকি কথাৰ গঠিত। ইয়াৰে এফাঁকি শুনিবলৈ শুৱলা কৰিবলৈ সংযোগ কৰা হয়। শেহৰপিনেহে প্ৰকৃততে আচল কথাটো কয়। (শালক শিঙীয়ে হাঁহে; /তয়ো কাজী ময়ো কাজী/ভালেতো গৰাকী নাহে) পটন্তৰতো দুফাকি কথা থাকে। দুয়োফাকি কথাৰ বিষয়বস্তুৰ স্বভাৱৰ মিল থাকে আৰু সিটোৰ লগত ইটোক  ৰিজাবলৈ ব্যৱহাৰ কৰা হয়।(আটাইতকৈ তিতা নেমুটেঙাৰ পাত/তাতোকৈ তিতা মাহীআইৰ মাত) প্ৰবাদ বা প্ৰবচনবিলাক কোনো এটা ঘটনাৰ পটভূমিত সৃষ্টি হয়। তাৰ পিছত সমজাতীয় ঘটনাৰ পৰিণতি বুজাবলৈ বা ৰিজনি দিবলৈ উক্ত প্ৰবচন ব্যৱহাৰ কৰা হয় (কুকুৰৰ নেজ দীঘল নিজে পাৰি বহে; ৰূপহ'লে, সোণ 'লে ৰজাৰ জীয়ৰীও পোন)।যোজনা-পটন্তৰ সমূহো জ্ঞানী আৰু বুধিয়ক মানুহৰ ৰচনা।ভাৱৰ ঐক্য থাকিলেও এইসমূহত ভাষাৰ পাৰ্থক্য দেখা যায়। ভাৰতীয় প্ৰাদেশিক ভাষাসমূহৰ মাজত অসমীয়া ফকৰা, যোজনা, পটন্তৰ, প্ৰবচন সমূহৰ স্থান সুকীয়া। পণ্ডিতসকলৰ মতে সাঁথৰকো যোজনাৰ ভিতৰুৱা কৰিব পাৰি। কিন্তু সাঁথৰ আৰু যোজনাৰ মাজত পাৰ্থক্য ' যে, যোজনাত বক্তব্য প্ৰায় মূৰ্ত হৈ থাকে আৰু সাঁথৰত থাকে সুপ্ত হৈ। অৰ্থাৎ সাঁথৰ ' গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথা। ডিম্বশ্বৰ নেওগদেৱে সাঁথৰক 'প্ৰাচীন জগতৰ সৃষ্টি' বুলিছে। মুখে-মুখে প্ৰচলিত হৈ আহি কাব্যধৰ্মিতাৰ বাবে সাহিত্যৰ মান পালে সাঁথৰে।

'আগ খঁৰা, গুৰি খঁৰা।যায় গুমগুম নাহৰ বৰা।।'

'টুপ্ টুপ্ টুপলী। পানী পালে মুকলি।।' (পানীমিঠৈ, জনকাব্য, ডিম্বেশ্বৰ নেওগ)


ডাকৰ বচন সমূহো একপ্ৰকাৰ প্ৰবচন। ডাক এজন বিশিষ্ট বা ঐতিহাসিক পুৰুষ আছিলনে নাছিল সেই লৈ মতভেদ থাকিলেও বা প্ৰকৃত তথ্য উপলব্ধ নহয় যদিও ডাকৰ বচনসমূহ ' লোকসাহিত্যৰ এক গুৰুত্বপূৰ্ণ ভাগ। "ডাকৰ বচন অসমীয়া জন-জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ।"(° লীলা গগৈ) মুঠ ষোল্লটা বিষয়ত ডাকৰ বচনসমূহ ৰচিত হৈছে। তাৰ ভিতৰত কৃষি বিষয়ক,জন্ম-প্ৰকৰণত প্ৰসূতিয়ে মানিবলগা বিধি, ৰন্ধন-প্ৰকৰণ, স্বাস্থ্য-সম্পৰ্কীয়, জ্যোতিষ বিষয়ক, ৰাজনীতি বিষয়ক তথা মানুহৰ চৰিত্ৰ আৰু লক্ষণ সম্বন্ধীয় ডাকৰ-বচনসমূহ স্বীকৃত আৰু সৰ্বজনবিদিত। 
"জেঠত দৈ আহাৰত খৈ।

শাওনত মৰাশাক খাবা গৈ।।
ভাদত ওল আহিনত কল।
কাতিত কচু বঢ়ায় বল।।"(স্বাস্থ্য-বিষয়ক)

"জালুকত গোবৰ পাণত মাটি।
কলাপুলি ৰুবা তিনিবাৰ কাটি।।"(কৃষি-বিষয়ক)


লোকসাহিত্যৰ অন্তৰ্গত আৰু এটি জনপ্ৰিয় ভাগ ' সাধুকথা। শিশুৰ দৰে সৰল অনাক্ষৰী জনসাধাৰণৰ মাজত নীতি-শিক্ষা থকা, কিছু অলৌকিক, কিছু কাল্পনিক অনেক ভাষাৰ বহুতো সাধুকথাৰ প্ৰচলন আছে। তেজীমলা, তুলা আৰু তেজা, কুকুৰীকণা জোঁৱাই আদি মাত্ৰ কেইটিমান সাধুৰ উদাহৰণ যদিও অসমীয়া ভাষাত নগৰ অঞ্চলতে হওঁক বা গাওঁ অঞ্চলতে হওঁক, আজিও বহল পৰিসৰত বহুতো সাধুকথা প্ৰচলিত।

লোক-বিশ্বাস বা লোক-পৰম্পৰাত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা আন এবিধ লোকসাহিত্য ' মন্ত্ৰ-সাহিত্য। প্ৰাচীন কামৰূপ তন্ত্ৰ-মন্ত্ৰৰ দেশ। বংগদেশ, উৰিষ্যা, পাঞ্জাৱ আদিত মন্ত্ৰৰ প্ৰচলন থাকিলেও সৰহভাগ মন্ত্ৰ কামৰূপতে ৰচিত বুলি অনুমান কৰা হৈছে। ৰোগ-ব্যাধি নিৰাময়কৰণ, ভূত-প্ৰেত দূৰীকৰণ, বশীকৰণ, সন্মোহন, সৌভাগ্যকৰণ, ধন-ধান বৃদ্ধিকৰণ, শত্ৰু ক্ষয়কৰণ আদি বিভিন্ন বিষয়ৰ অগ্নিবাণ, ব্ৰহ্মকৰতি, পানী-কৰতি, ৰাম-কৰতি, পক্ষীৰাজ-মন্ত্ৰ, সুদৰ্শন-মন্ত্ৰ, বীৰাজৰা,পুষ্পজৰা, মোহিনী মন্ত্ৰ আদি অসমীয়া ভাষাত অসংখ্য মন্ত্ৰপুথি আছে। গাৰো, ডফলা, মিৰি, জয়ন্তী আদি জনজাতি লোকসকলৰ বিভিন্ন বিশ্বাস, অৰ্থব বেদ, হিন্দু আৰু বৌদ্ধ ধৰ্মৰ তন্ত্ৰ-শাস্ত্ৰৰ অপূৰ্ব সংমিশ্ৰনত এই মন্ত্ৰসমূহৰ সৃষ্টি হৈছে।

"ৰামে ফালিলে খৰি
লক্ষ্মণে জ্বালিলে জুই,
সীতাই পানী ঢালিলে থাকে
যেনে-তেনে হৈ।
লঙ্কাৰ অগ্নি হনুমন্তই খাই
মুখৰ অগ্নি মুখে নুমাই।…"
(
জুয়ে পোৰা ঘা শুকাবলৈ জৰা মন্ত্ৰ)

লোকসাহিত্য ' এটা জাতিৰ মান আৰু লোকভাষা ' অভিমান। লোকভাষাৰ আধাৰত ৰচিত অনাক্ষৰী মানুহৰ মৌখিক সাহিত্য এটা জাতিৰ জাতীয় সম্পদ। সেইসূত্ৰে উল্লিখিত লোকসাহিত্যৰ প্ৰতিটো ভাগেই অসমীয়া লোকসাহিত্যৰ গুৰুত্বপূৰ্ণ অংশ। ওপৰত উল্লেখ কৰা লোকগীতসমূহৰ উপৰিও কাৰ্বি, তিৱা, ৰাভা, বড়ো আদি ভাষাত লিখিত বিভিন্ন বিষয়ক লোকগীতসমূহেও অসমীয়া জাতিৰ মান বঢ়াইছে। অসমৰ মাৰ-যাৱ খোজা গাৱলীয়া জীৱনৰ চিত্ৰখন অসমীয়া লোকভাষা আৰু লোকসাহিত্যৰ মাজত সজীৱ হৈ আছে আৰু বিজতৰীয়া ৰচনা-ৰীতিৰপৰা অসমীয়া ভাষাক স্বতন্ত্ৰতা প্ৰদান কৰিছে। ° বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে; "বহুল প্ৰচাৰ আৰু লোক-চিত্ৰ জয় কৰিবলৈ সাহিত্যই লোক-ভাষাৰ সহায় লোৱা কৰ্তব্য। এই প্ৰসঙ্গত ৰবীন্দ্ৰনাথে, সাধুকথাৰ লাগী আৰু এলাগী কুঁৱৰীৰ লগত সাধু আৰু লোক-ভাষাক তুলনা কৰি কৰা মন্তব্য প্ৰণিধানযোগ্য। কবিগুৰুৱে কৈছে, 'এলাগী কুঁৱৰীৰ দৰে ইমানদিন লোক-ভাষাৰ ঠাই আছিল জুপুৰিত, ৰান্ধনিঘৰত, গোহালিত, গোবৰৰ ভেৰৰ ওচৰে-পাঁজৰে, চোতালৰ তুলসীতলত।……কিন্তু মোৰ বিশ্বাস লাগী কুঁৱৰীয়ে বিদায় ' লাগিব আৰু এলাগী আহি ৰাজ-আসনত বহিব।' লোক-ভাষাক অনাদৰ আৰু বৰ্জন কৰিলে সাহিত্য এমুঠি মাথোন মানুহৰ মাজতে সংকীৰ্ণ আৰু সীমাবদ্ধ হৈ থাকিব।" সেয়ে কওঁ, লোকসাহিত্যৰ বহুল ব্যৱহাৰ হওঁক আৰু লোকভাষাৰ আদৰ বাঢ়ক। অসমীয়া ৰাইজে অসমত প্ৰচলিত সকলো লোকভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সেইসমূহ মৌখিক ভাৱে নহয়, লেখা-মেলাৰেও আগবঢ়াই লৈ যোৱাটো জাতীয় দায়িত্ব। ( এইক্ষেত্ৰত নৱ-আংগিকেৰে অসমীয়া কবিতাক এক সুকীয়া মাত্ৰা দিয়া নৱকান্ত বৰুৱা চাৰৰ কবিতাত কামৰূপী উপভাষাৰ প্ৰয়োগৰ কথা উল্লেখনীয়।)অসমীয়া লোকসাহিত্যৰ ক্ষেত্ৰতো আমাৰ একে দায়িত্ব।


প্ৰসঙ্গ পুথিঃ


) অসমৰ লোক-সংস্কৃতি - ° বিৰিঞ্চি কুমাৰ বৰুৱা








) অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা - ° লীলা গগৈ








)ভাষা আৰু সাহিত্য - ° উপেন্দ্ৰনাথ গোস্বামী









) অসমীয়া সাহিত্যত দৃষ্টিপাত - ° হেমন্ত কুমাৰ শৰ্মা








) অসমৰ লোকসাহিত্য - শশী শৰ্মা








) ডিম্বেশ্বৰ নেওগৰ জনকাব্য












No comments:

Post a Comment