Followers

Monday, February 6, 2017

কাষৰজনক সহানুভূতিৰে চাওক আৰু প্ৰতিক্ষণ সহমৰ্মিতা ৰাখক


'স্কিজ'ফ্ৰেনিয়া' হ'ল সেইবিধ জটিল মানসিক ৰোগ য'ত ৰোগীৰ মগজুত বিভিন্নধৰণৰ স্নায়ু-ৰাসায়নিক বিজুতি ঘটে। কোষবোৰ শুকাই যায় যাৰ ফলত তেওঁলোকৰ মনত একধৰণৰ বিভ্ৰমৰ সৃষ্টি হয়। কথাবোৰ পাহৰি যায়, ভাৱাবেগৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়, নিজৰ আশে-পাশে বিভিন্ন সময়ত বিভিন্নটা কাল্পনিক চৰিত্ৰৰ সমাৱেশ দেখে। যিকোনো বস্তু বা মানুহৰ আকৃতিৰ সালসলনি দেখে। অৰ্থাৎ এজন মানুহক দুই-তিনিজনৰ দৰে দেখে, ৰং, আকৃতি আদিৰ পৰিৱৰ্তনে ৰোগীক বৰ বিমোৰত পেলায়। বিভিন্ন ধৰণৰ কাল্পনিক ধ্বনি শুনে। তলৰ কথাখিনি পঢ়িলে বোধহয় এনে ৰোগীৰ বিষয়ে আপুনি অধিক স্পষ্ট ধাৰণা এটা ল'ব পাৰিব।

'ঊনৈশ শতিকাৰ শেষৰফালে লুই ৱেইন নামৰ ইংৰাজ চিত্ৰকৰজনে অঁকা মানৱাকৃতিৰ জীৱ-জন্তুৰ ছবিবোৰ ইউৰোপত অতি জনপ্ৰিয় হৈছিল। পঞ্চলিচ বছৰ মান বয়সৰ পৰা এই শান্ত শিষ্ট চিত্ৰশিল্পীজন লাহে-লাহে খঙাল আৰু উগ্ৰ হৈ উঠিল। তেওঁৰ কথা-বতৰাবোৰ দূৰ্বোধ্য হৈ পৰিল। চিনেমাৰ আলোকশিখাবোৰে তেওঁৰ মগজুৰ পৰা বিজুলীশক্তি শোষণ কৰা বুলি তেওঁ বিভ্ৰান্ত হ'ল। কেতিয়াবা তেওঁ দিনৰ পাছত দিন দুৱাৰ বন্ধ কৰি কোঠাত সোমাই অসংলগ্ন কিবা-কিবি লেখি থাকে নাইবা কোঠাৰ চকী-মেজবোৰ চোঁচৰাই কটায়। কেতিয়াবা মাজৰাতি ঘৰৰপৰা ওলাই গৈ চহৰৰ আলি গলিবোৰত উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰে। ১৯৩০ চনত তেওঁক মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াতে তেওঁ মেকুৰীৰ ছবি আঁকি জীৱনৰ শেষ কালছোৱা অতিবাহিত কৰে। তেওঁ সেই সময়ত অঁকা ছবিবোৰত স্কিজ'ফ্ৰেনিয়া ৰোগে সংবেদন আৰু প্ৰত্যক্ষ প্ৰক্ৰিয়াক কেনেদৰে বিকৃত কৰে সেয়া ফুটি উঠিছে। সুস্থ অৱস্থাত অঁকা ছবিবোৰৰ তুলনাত ৰুগ্ন অৱস্থাত অঁকা ছবিবোৰ অতি উজ্জ্বল ৰঙৰ, সূক্ষ্ম কাৰুকাৰ্যৰ আৰু ভাৱাত্মক। এনেক সময়ত এইবোৰ মেকুৰীৰ ছবি বুলি বুজা টান।

'স্কিজ'ফ্ৰেনিয়া' কিতাপখনৰ লেখক ডাঃ পংকজলোচন শৰ্মা গুৱাহাটী মানসিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ। অসম চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক ডাঃ শৰ্মাই ৰাঁচীৰ CIP আৰু বাংগালোৰৰ NIMHANSত মনোৰোগ বিষয়ত স্নাতকোত্তৰ শিক্ষা লাভ কৰে। লেখকৰ আনখন কিতাপ 'মনোৰোগ পৰিচিতি' পাঠকসমাজে আদৰি লৈছে।'

কিতাপখন প্ৰকাশ কৰিছে 'মনৰ খবৰ', গুৱাহাটী মানসিক চিকিৎসালয়, পাঞ্জাবাৰী, গুৱাহাটী- ৭৮১০৩৭
দূৰভাষঃ ০৩৬১-২৩৩৫৫৮৮, ৯৮৬৪০-১৭৬৯৯, ৯৫০৮৭-২৬৭৪৭

কিতাপখনৰ মূল্য : ১৫০/ টকা

উল্লেখযোগ্য যে জনপ্ৰিয় লেখক মনালিছা শইকীয়াৰ উপন্যাস 'আন্দোলিত আকাশ' এগৰাকী স্কিজ'ফ্ৰেনিয়া ৰোগীৰ দুখ-বেদনা, অভিজ্ঞতা আৰু অনুভৱৰ সংবেদনশীল কাহিনী।

No comments:

Post a Comment