কথাবোৰ আচলতে আপেক্ষিক। ব্যক্তিবিশেষে কোনে কি কথা ক'ব বা লিখিব-- বহুসময়ত এই সিদ্ধান্তটোক প্ৰৰোচিত কৰে সময়ে। সময়ে সময়ে সেয়ে একেজন ব্যক্তিৰ একেটা বিষয়ত ভাষ্য পৰিৱৰ্তন হ'ব পাৰে। দোষ ব্যক্তিৰ! নে সময়ৰ!!
![]() |
'সাদিন' কাকতত প্ৰকাশিত |
আজি বেচ কিছুদিন ধৰি
কাকতে-পত্ৰে চৰ্চিত তথা জনপ্ৰিয়
সামাজিক মাধ্যম ফেচবুকক উতলাই ৰখা
বিষয়টো
আছিল
সাহিত্য অকাদেমিৰ যুৱ
বঁটা
বিৰ্তক। বঁটা
বিতৰ্কৰ সমান্তৰালকৈ চৰ্চিত
হৈছিল
কিছু
ব্যক্তিবিশেষৰ বঁটা
তথা
সাহিত্য সম্পৰ্কীয় মতামত।
আনকি
এই
বিতৰ্ককে মূল
কৰি
ব্যক্তিগত কথা-বতৰা, খোৱা-কামোৰাও কোনো
কোনো
সময়ত
দৃষ্টিকটু ৰূপত
তুংগত
উঠিছিল। এটা
কথা
ঠিক
যে,
সামাজিক কাৰণতে
সময়বিশেষে একোজন
ব্যক্তি কেৱল
ব্যক্তি নহৈ
এটা
সামাজিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ হয়।
তেনেসময়ত দহে
টোৱোৱা
আঙুলি
সেইজন
ব্যক্তিক লক্ষ্য
কৰি
নুঠে,
উঠে
সেই
ব্যক্তি নামধাৰী প্ৰতিষ্ঠানক লক্ষ্য
কৰি।
তদুপৰি
সাহিত্য বিষয়টো
মাত্ৰ
এজনৰ
বৰঘৰৰ
বিষয়
নোহোৱা
বাবে,
দুঃসময়ত বিতৰ্কিত বিষয়ৰ সৈতে সাঙোৰ
খাই
যোৱা
ব্যক্তিবিশেষৰ প্ৰতি
ক্ষোভ
উজাৰিবলৈ ৰাইজে
হোহকা-পিছলা নকৰে। ইয়াত
ৰাইজ
দোষী
নহয়।
কাৰণ
ৰাইজৰ
হকে,
ৰাইজেই
ক'ব লাগিব। ভুল
দেখিলে
এজন
জনপ্ৰতিনিধিৰ, যি
ইতিমধ্যে এটি
প্ৰতিষ্ঠানলৈ পৰ্যবসিত হৈছে--
তেওঁলৈ
ৰাইজেই
আঙুলি
টোৱাব
লাগিব।
এইখিনিতে লিখক-সমালোচক মনোজ শৰ্মাদেৱে তেখেতৰ
'সমালোচক আছে
সমালোচক নাই'
গ্ৰন্থৰ প্ৰাককথনত কোৱা
এষাৰ
কথা
উল্লেখ
কৰিব
পাৰি--
'দ্বন্দ্ব-খৰিয়ালৰ পৰা
আঁতৰি
থকাটো
আজিৰ
সময়ৰ
বাৰ্তা
নহয়,
বৰং
ই
যে
গণতান্ত্ৰিক সংস্কৃতিৰ এক
নতুন
ৰূপ
তাক
বুজাটোহে জৰুৰী।'
অৱশ্যে
ব্যক্তিগত হিংসা-দ্বেষ পূৰণৰ বাবে
উল্লিখিত গণতান্ত্ৰিক অধিকাৰৰ প্ৰয়োগ
হ'ব নালাগে; এই
কথাত
আমিও
সহমত।
সাহিত্যত নৈৰাজ্যবাদ সম্পৰ্কে আলোচনা কৰাৰ নিমিত্তে আমি লিখক-সমালোচক মনোজ
শৰ্মাদেৱৰ 'সমালোচক আছে
সমালোচক নাই'
-এই
গ্ৰন্থত লিপিবদ্ধ কিছু
কথা
উল্লেখ কৰিব খুজিছো। এই কথাখিনি আলোচনাৰ আওতালৈ
অনাৰ
পূৰ্বে
ক'ব বিচাৰোঁ; সাহিত্যৰ আটাইতকৈ জটিল
ভাগটোৱেই হ'ল সমালোচনা সাহিত্য। সমালোচকৰ নীতি
সেয়ে
সময়বিশেষে সলনি
হোৱাটো
সাহিত্যত নকৈ
ঘটা
ঘটনা
নহয়।
আদৰ্শগত নীতি
খামুচি
স্থিতপ্ৰজ্ঞ হৈ
থকাটো
একপ্ৰকাৰ দূৰূহ
কাম।
দুই-এজনহে স্থিতপ্ৰজ্ঞ ৰূপে
যুগজয়ী
হৈছে।
ক'ব পাৰি সমালোচনা সকলোৰে
'বচ
কি
বাত'
নহয়।
কোনোজন
সমালোচকৰ কোনোটো
লেখাত
সেয়ে
প্ৰকাশ্যে স্ব-বিৰোধৰ সুৰ স্পষ্ট
হয়।
মনোজ শৰ্মাদেৱৰ উল্লিখিত গ্ৰন্থত অন্তৰ্ভুক্ত 'লেখকৰ
বজাৰ
দৰ'(পূৰ্বপ্ৰকাশঃ সাদিন, ৭ জানুৱাৰী, ২০০৫)
আৰু
'সাহিত্য-সংস্কৃতি, বঁটা-বাহন আদি'(পূৰ্বপ্ৰকাশঃনিয়মীয়া বাৰ্তা,২৪
জুন,২০১৩) ৰছনা দুখন
পঢ়ি
আমাৰ
মনত জাগি উঠা
কিছু
প্ৰশ্নৰ উত্তৰ
বিচাৰিয়ে এই
লেখাৰ
সূত্ৰপাত। 'লেখকৰ
বজাৰ
দৰ'
ৰছনাখনত তেখেতে
লিখিছে
যে, "পাঠকেহে লেখক সৃষ্টি কৰে
জাতীয়
কথা
এতিয়া
প্ৰায়
অৰ্থহীন। কাৰণ
লেখক
এতিয়া
পাঠকৰ
ওপৰত
নিৰ্ভৰশীল নহয়।
লেখক
নিৰ্ভৰশীল বজাৰৰ
ওপৰত।
কাৰণ
এতিয়া
বজাৰেই
লেখকৰ
প্ৰচাৰ,
প্ৰসাৰ
আৰু
মান
নিৰ্ণয়
কৰে।
" আমাৰ
প্ৰশ্ন,
ইয়াত
'বজাৰ'
শব্দটিৰে সাহিত্যৰ কোনখন
বজাৰৰ
কথা
উল্লেখ
কৰা
হৈছে(?),
য'ত পাঠকৰ দাম
নাই!
একেটি লিখাতে তেখেতে
লেখিছে;
" … বৰ্তমান এটা
প্ৰকাশন গোষ্ঠীয়ে এজন
লেখকৰ
প্ৰতিভা, বৌদ্ধিক গভীৰতা
অথবা
সাহিত্যিক মানৰ
ওপৰতেই
কেৱল
নিৰ্ভৰ
কৰিব
নোখোজে। কাৰণ,
প্ৰতিভা আৰু
গভীৰতা
এজন
লেখকৰ
সাহিত্যিক আৰু
বৌদ্ধিক সমৃদ্ধিৰ বাবে
গুৰুত্বপূৰ্ণ হ'লেও পাঠকৰ বজাৰ
সি
প্ৰভাৱিত নকৰিবও
পাৰে,
গতিকে
প্ৰকাশকক প্ৰয়োজন কিছুমান তেনেকুৱা কাৰবাৰ--
যিয়ে
বজাৰৰ
গতি
নিৰ্ণয়
কৰিব
পাৰে।"
(পৃষ্ঠাঃ ৩৩,
সঃ
আছে
সঃ
নাই)
--ইয়াত
উল্লেখ
কৰা
'কাৰবাৰ'
সম্পৰ্কে শৰ্মাদেৱৰ মতামত
এনেধৰণৰ; " প্ৰকাশকে যিমানেই বিক্ৰীযোগ্য সামগ্ৰীৰূপে বিতৰণ
কৰিবলৈ
চেষ্টা
নকৰক
কিয়,
চেনি,
আলু
বা
বন্দুকৰ দৰে
কিতাপ
বিক্ৰী
নহয়।
সেয়ে
প্ৰকাশকসকলেও এতিয়া
উদ্ভাৱন কৰিছে
নিত্য
নতুন
কৌশল।
তেনে
কিছুমান নতুন
কৌশলৰ
ভিতৰত
সাম্প্ৰতিক এটা
চমকপ্ৰদ কৌশল
হ'ল লেখকক বঁটা
প্ৰদানৰ কাৰ্যসূচী। ………প্ৰকাশকসকলে বুজিছে
যে
পুৰস্কাৰ অকল
লেখক
আৰু
পাঠকৰ
সন্তুষ্টি হ'লে নহ'ব,
পুৰস্কাৰে প্ৰভাৱিত কৰিব
লাগিব
কিতাপৰ
বজাৰ,
প্ৰকাশকৰ আগ্ৰহ
সেইপিনেহে। সেয়ে
প্ৰকাশকসকলে এতিয়া
বিশ্বৰ
শ্ৰেষ্ঠ সাহিত্য বঁটাসমূহক প্ৰভাৱিত কৰাৰ
চেষ্টা
চলাইছে। কিন্তু
প্ৰকাশকসকল এটা
কথাত
নিশ্চিত যে
প্ৰভাৱিত কৰাৰ
এই
চেষ্টা
সকলো
সময়তে
সফল
নহ'বও পাৰে। গতিকে
তেওঁলোকে হাতত
লৈছে
বিকল্প
ব্যৱস্থা।" (পৃষ্ঠাঃ ৩৫,
সঃ
আছে
সঃ
নাই)
। এই
কথাখিনিৰে শৰ্মাদেৱে সাহিত্যৰ ভিতৰচ'ৰাৰ ভয়ংকৰ গোপন
বুজাবুজিৰ কথা
উনুকিওৱা যেন
পৰিলক্ষিত হৈছে।
আমি জানিব বিচাৰোঁ, তেখেতে
উল্লেখ
কৰা
'বিকল্প
ব্যৱস্থা'বোৰ
কি
কি?
আনহাতে,
উদ্ধৃত
কথাখিনিত 'পাঠক'
শব্দৰ
উল্লেখে এই
কথা
স্পষ্ট
কৰা
যেন
লাগে
যে
'লেখকৰ
বজাৰ
দৰ'
নিৰ্ণয়ত পাঠকৰো
কিছু
ভূমিকা
আছে,
যি
ভূমিকাক লেখাটোৰ প্ৰথম
শাৰীতে
শৰ্মাদেৱে খৰ্ব
কৰিছে। কিয়?
আকৌ, 'লেখকৰ বজাৰ
দৰ'
লেখাটিৰে শেষৰ
ফালে
তেখেতে
পুনৰ
লিপিবদ্ধ কৰিছে
কিছু
চিন্তাউদ্ৰেককাৰী কথা।
তেখেতে
লিখিছে
যে,
"লেখকৰ
প্ৰচাৰ
আৰু
কিতাপৰ
বিক্ৰী
সম্পূৰ্ণ বজাৰ
নিৰ্ভৰ
হোৱাৰ
পাছত
প্ৰকাশকসকলেও বিচাৰিছে লেখকৰ
এটা
বিশেষ
মান।
এজন
লেখকৰ
বজাৰ
দৰ
সৃষ্টি
কৰিবলৈ
যিটো
মান
হ'ব পাৰে কাৰ্যকৰী।"
( পৃষ্ঠাঃ ৩৬,
সঃ
আছে
সঃ
নাই
) এই
বিশেষ
মানক
নাম
দিয়া
হৈছে
'চেলিব্ৰিটী লেখক'। 'চেলিব্ৰিটী লেখক'
কোন!
'সাহিত্য সংস্কৃতি, বঁটা
বাহন
আদি'
ৰছনাখনত মনোজ
শৰ্মাদেৱে নিজে 'চেলিব্ৰিটী লেখক'ৰ ভেদ ভাঙিছে
এনেদৰে;
"যোৱা
কেইটামান বছৰত
অসমীয়া
সাহিত্যত বঁটা-বাহনে কেনেকুৱা পৰিৱেশ
সৃষ্টি
কৰিছে,
তাক
সচেতন
চামে
লক্ষ্য
কৰিছে
নিশ্চয়। এচাম
তৰুণ
লেখকে
কেইটামান কবিতা
বা
গল্প
নতুবা
এখন
উপন্যাস লিখি
কোনোবা
এটা
সৰ্বভাৰতীয় যুৱ
বঁটা
'মেনেজ
' কৰাত
লাগি
যায়।
বঁটা
দিব
পৰা
হাতদীঘল কাৰোবাৰ সৈতে
সম্পৰ্ক স্থাপন
কৰে
আৰু
বঁটা
যদি
পাই
যায়
তেনেহ'লেতো কথাই নাই।
কৰ্পৰেট জগতত
সুলভ
শাৰীৰিক অভিব্যক্তিৰে তেওঁ
সভা-সমিতি, গ্ৰন্থমেলা আদিত
অটোগ্ৰাফ দিবলৈ
ৰৈ
থাকে,
ঈষৎ
হাঁহি
আৰু
সামান্য বাৰ্তালাপেৰে ধন্য
কৰে
অনুৰাগীক। অৰ্থাৎ
বঁটা
পোৱাৰ
পাছত
সেই
তৰুণ
অথবা
তৰুণী
আৰু
লেখক
হৈ
নাথাকে,
তেওঁ
হৈ
পৰে
'চেলিব্ৰিটী'।"
(পৃষ্ঠাঃ ৫৩,
সঃ
আছে
সঃ
নাই)
" প্ৰকাশকে সৃষ্টিশীল লেখক
বিচৰা
নাই।
বিচাৰিছে একোগৰাকী 'চেলিব্ৰিটী' লেখক।"
সাহিত্যত চেলিব্ৰিটী লেখক
সৃষ্টিৰ যি
প্ৰক্ৰিয়া আৰু
প্ৰকাশকে চেলিব্ৰিটী লেখককহে মৰ্যাদা দিয়াৰ
যি
দোষযুক্ত ব্যৱস্থাৰ কথা
মনোজ
শৰ্মাদেৱে উল্লেখ
কৰিছে,
সিয়ে
কেৱল
সাহিত্যকে নহয়,
এটা
জাতি,
এখন
সমাজ
গঠনৰ
সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে কাঠগড়াত উঠাইছে। সাধাৰণ
মানুহ
এতিয়া
বিভ্ৰান্ত আৰু
দুচকুত
হাজাৰ
প্ৰশ্ন। সাহিত্যক বঁটা-বাহনেৰে জুখিব পাৰিনে? চেলিব্ৰিটী লেখক
সৃষ্টিৰ প্ৰয়োজন আছেনে?
সাহিত্যক পণ্য
ৰূপ
দিলে
ই
বৌদ্ধিক চিন্তা-চৰ্চাৰ বাট ভেটি
নধৰিবনে? সাহিত্যৰে ঘাই
ঘৰ
লৰিলে
সমাজ
কোনদিশে গতি
কৰিব?
শেষত পুনৰ এটি
প্ৰশ্নঃ সাহিত্যক্ষেত্ৰত ঘটি
থকা
বিঘিনি
সমূহ
নিজৰ
লেখাৰ
জৰিড়তে
স্পষ্টতাৰে উল্লেখ
কৰাৰ
পাছতো
আজি
কিছুদিন পূৰ্বে
দূৰদৰ্শন যোগে প্ৰচাৰিত সাংবাদিক নিতুমণি শইকীয়াৰ দ্বাৰা
পৰিচালিত বঁটা
বিতৰ্ক
সম্পৰ্কীয় এটি
অনুষ্ঠানত মনোজ
শৰ্মাদেৱে স্পষ্টতাৰে এই
একখিনি
কথাকে
ক'ব নোৱৰাৰ কাৰণ
কি?
অনুষ্ঠানটিত তেখেত
বিতৰ্কিত ব্যক্তিবিশেষৰ পক্ষ
লোৱাৰ
অৰ্থ
কি?
শৰ্মাদেৱ দ্বৈৰথ
দ্বন্দ্বত ভোগা
নাইতো?
প্ৰাণজ্যোতি নাথ
ই-মেইলঃ pranjyoti.kalita.nath@gmail.com
No comments:
Post a Comment